জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
গুৱাহাটী: আজি অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মহান শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অসম গণ পৰিষদ দল তথা ভাতৃ-ভগ্নী সংগঠনৰ বিভিন্ন সাংগঠনিক স্তৰৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

সুৰেৰে মানুহক মানুহৰ সৈতে, অসমক বিশ্বৰ সৈতে সংযোগ কৰা সুধাকণ্ঠৰ অমৰ স্মৃতিক সুঁৱৰি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জ্যোতিৰ্ময় দেৱনাথে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ সৈতে কৰা সুমধুৰ সংগীত চৰ্চাৰ সোণালী দিনসমূহ স্মৰণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় আবৃত্তিকাৰ উপম শইকীয়াৰ হৃদয়স্পৰ্শী কবিতা আবৃত্তিয়ে অনুষ্ঠানত সৃষ্টি কৰে এক গভীৰ আৱেগঘন পৰিৱেশ। আনহাতে, বিশিষ্ট শিল্পী শিশিৰ মজুমদাৰৰ কণ্ঠত নিগৰি অহা গীতৰ মূৰ্চ্ছনাই সুধাকণ্ঠৰ অমৰ সৃষ্টিসমূহ সোঁৱৰাই অনুষ্ঠানটোক প্ৰদান কৰে এক অনন্য সাংস্কৃতিক মাত্ৰা। দলৰ উপ-সভাপতি কুমাৰ দীপক দাসেও গীত আৰু কথাৰে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ড° ভূপেন হাজৰিকাদেৱ কেৱল এগৰাকী শিল্পী নাছিল—তেখেত আছিল অসমীয়াৰ আত্মপৰিচয়ৰ এক শক্তিশালী কণ্ঠ, মানৱতাৰ এক নিৰ্ভীক স্বৰ আৰু বিশ্বজনীন চেতনাৰ এক উজ্জ্বল প্ৰতীক।
আজিৰ অনুষ্ঠানটিৰ আঁতধৰে দলৰ কেন্দ্ৰীয় সম্পাদক কিশোৰ দেউৰীয়ে।