মন্ত্ৰী-মুখ্য সচিবৰ কণ্ঠ নকল কৰি ফোন!
গুৱাহাটী: চৰকাৰী পদৰ অপব্যৱহাৰ আৰু আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰাক গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যৰ প্ৰশাসনিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত বিষয়াগৰাকীৰ বিৰুদ্ধে চাকৰি আৰু চৰকাৰী ঠিকাৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য।
তদন্তকাৰী সংস্থাৰ ভাষ্য অনুসৰি, চাকৰি বা চৰকাৰী ঠিকাৰ প্ৰত্যাশী লোকৰ সৈতে যোগাযোগৰ বাবে এজন মিমিক্ৰি শিল্পীৰ সহায় লোৱা হৈছিল বুলি অভিযোগ উঠিছে। উক্ত শিল্পীগৰাকীয়ে ফোনযোগে মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আন শীৰ্ষ বিষয়াৰ কণ্ঠ অনুকৰণ কৰি কথা পতাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, এইদৰে ফোনযোগে কথোপকথন কৰি সংশ্লিষ্ট লোকসকলৰ মাজত দেবেশ্বৰ বৰাৰ শীৰ্ষ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলৰ সৈতে ঘনিষ্ঠ যোগাযোগ আছে আৰু তেওঁৰ জৰিয়তে চাকৰি বা চৰকাৰী কাম-কাজ কৰাই ল’ব পৰা যাব—এনে এক বিশ্বাস সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল।
তদন্তৰ সূত্ৰপাত হৈছিল ২০২৬ চনৰ ৩০ মে’ত। সেইদিনা ব্যৱসায়ী ৰমেন চন্দ্ৰ বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত অভিযোগ দাখিল কৰাৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হয় বুলি আৰক্ষী অধীক্ষক ৰজী কলিতাই জানিবলৈ দিয়ে।
অভিযোগ অনুসৰি, দেবেশ্বৰ বৰাই ৰমেন বৰঠাকুৰক প্ৰায় ৫০ কোটি টকাৰ এটা চৰকাৰী ঠিকাৰ কাম দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ বিনিময়ত ১০ লাখ টকা আৰ্নেষ্ট মানি হিচাপে দিবলৈ কোৱা হৈছিল বুলি অভিযোগকাৰীয়ে তদন্তকাৰীক জনায়।
তদন্তকাৰীৰ ভাষ্য অনুসৰি, ধন জমা কৰাৰ বাবে এটা বেংক একাউণ্ট নম্বৰ দিয়া হৈছিল আৰু সেই একাউণ্টত ৰমেন বৰঠাকুৰে ১০ লাখ টকা স্থানান্তৰ কৰে।
পৰৱৰ্তী সময়ত পুনৰ ধন বিচৰা হোৱাত বৰঠাকুৰে আৰু ধন দিয়াৰ পৰিৱৰ্তে ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে ধন দিয়াৰ কথা জনায়। কিন্তু এই প্ৰস্তাৱ গ্ৰহণ নকৰাত তেওঁ পূৰ্বে জমা কৰা ১০ লাখ টকা ঘূৰাই বিচাৰে। অভিযোগ অনুসৰি, ধন ঘূৰাই নোপোৱাৰ পাছতে তেওঁ তদাৰকী কোষৰ কাষ চাপে।
অভিযোগৰ ভিত্তিত তদন্ত আগবঢ়াই তদাৰকী কোষে প্ৰথমে ধন জমা হোৱা বেংক একাউণ্টটো পৰীক্ষা কৰে। তদন্তত উক্ত একাউণ্টটো চৰকাৰী একাউণ্ট নহয় বুলি পোহৰলৈ অহাৰ লগতে ‘কে কে এণ্টাৰপ্ৰাইজ’ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ একাউণ্ট বুলি জানিব পৰা যায়।

ইয়াৰ উপৰি ‘ডি বি এণ্টাৰপ্ৰাইজ’ নামৰ আন এটা প্ৰতিষ্ঠানৰ একাউণ্টতো ধনৰ লেনদেনৰ তথ্য লাভ কৰাৰ দাবী কৰিছে তদন্তকাৰীসকলে।
দুয়োটা প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলক সোধা-পোছাৰ বাবে তদাৰকী কোষে মাতি পঠিয়ায়। আৰক্ষী অধীক্ষক ৰজী কলিতাৰ ভাষ্য অনুসৰি, সোধা-পোছাত তেওঁলোকেও দেবেশ্বৰ বৰাক ঠিকাৰ নামত বৃহৎ পৰিমাণৰ ধন দিয়াৰ কথা তদন্তকাৰীৰ আগত প্ৰকাশ কৰে।
তদন্তত আন এক গুৰুত্বপূৰ্ণ দিশ পোহৰলৈ অহাৰ দাবী কৰিছে তদাৰকী কোষে। আৰক্ষী অধীক্ষক ৰজী কলিতাৰ ভাষ্য অনুসৰি, সংশ্লিষ্ট ব্যৱসায়ীসকলৰ সন্মুখতে ফোনযোগে ‘ডাঙৰ ডাঙৰ মানুহ’ৰ সৈতে যোগাযোগ কৰা হৈছিল।
এই ফোনকলসমূহৰ জৰিয়তে ব্যৱসায়ীসকলৰ মাজত দেবেশ্বৰ বৰাৰ শীৰ্ষ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলত প্ৰভাৱ আছে বুলি বিশ্বাস জন্মোৱাৰ চেষ্টা কৰা হৈছিল বুলি তদন্তত প্ৰকাশ পাইছে।
অভিযোগ অনুসৰি, দেবেশ্বৰ বৰাৰ হৈ এজন মিমিক্ৰি শিল্পীয়ে ফোনযোগে মন্ত্ৰী , মুখ্য সচিব আৰু আন শীৰ্ষ বিষয়াৰ কণ্ঠ অনুকৰণ কৰিছিল।
দেবেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত তদন্ত আগবঢ়াই ধেমাজি আৰু গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলোৱা হয়। ধেমাজিত বিষয়াগৰাকীৰ বাসগৃহতো তালাচী চলোৱা হয়।
তালাচীৰ পাছত তেওঁক জেৰা কৰা হয় আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে বেংক লেনদেন, ব্যৱসায়ীসকলৰ বক্তব্য, বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰ্থিক তথ্য আৰু ফোনযোগে শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগৰ দাবী—এই সকলোবোৰ তদন্তৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।