কাশিয়াবাৰীত ইউপিপিএলৰ শক্তি প্ৰদৰ্শন! যমদুৱাৰ ব্লকৰ বাৰ্ষিক অধিৱেশনত হাগ্ৰামা চৰকাৰক তীব্ৰ সমালোচনা ইউ জি ব্ৰহ্মৰ
গোসাঁইগাঁওৰ কাশিয়াবাৰীত আজি অনুষ্ঠিত হ’ল ইউপিপিএল দলৰ যমদুৱাৰ ব্লক সমিতিৰ বাৰ্ষিক অধিৱেশন। সুজিত নাৰ্জাৰী মেম’ৰিয়েল অডিটৰিয়ামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনত দলীয় সাংগঠনিক শক্তিৰ উমান পোৱা যায়।
ব্লক সমিতিৰ সভাপতি ছায়না মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা ইউপিপিএলৰ জ্যেষ্ঠ নেতা ইউ জি ব্ৰহ্ম।
অধিৱেশনত উপস্থিত থাকে গোসাঁইগাঁৱৰ প্ৰাক্তন বিধায়ক জিৰণ বসুমতাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য উকলি মুছাহাৰী, কেন্দ্ৰীয় ইউপিপিএলৰ সহকাৰী সম্পাদক ৰিমান চোৰেন আৰু গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি অনিন্দা বসুমতাৰীকে ধৰি দলৰ শতাধিক নেতা-কৰ্মী।
হাগ্ৰামাক তীব্ৰ সমালোচনা ইউ জি ব্ৰহ্মৰ

অধিৱেশনৰ সামৰণি ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ইউ জি ব্ৰহ্মই।
তেওঁ কয়, “হাগ্ৰামা মহিলাৰীৰ চৰকাৰখনে কেৱল বিভিন্ন মেলা পাতি আছে। এয়া মেলাৰ চৰকাৰত পৰিণত হৈছে।”
লগতে তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে বিপিএফ দলে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল, তাৰ এটাও পূৰণ কৰিবলৈ সক্ষম হোৱা নাই।
বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত কাশিয়াবাৰীৰ এই অধিৱেশন ইউপিপিএলৰ বাবে অতিকৈ তাৎপৰ্যপূৰ্ণ বুলি ৰাজনৈতিক মহলে অভিহিত কৰিছে।