বৰপেটাৰ গৃহত এতিয়া কেৱল নিস্তব্ধতা: কি হ’ব নিষ্পাপ ইভান-কাইৰাৰ ভৱিষ্যত?
গুৱাহাটীৰ বৰা চাৰ্ভিছৰ সেই ভয়ংকৰ গুলীচালনাৰ ঘটনাই এতিয়াও জোকাৰি আছে সমগ্ৰ অসমক। সেই নৃশংস কাণ্ডত প্ৰাণ হেৰুওৱা একেটা পৰিয়ালৰ চাৰিগৰাকী সদস্য – হেলেনা ভৰালী, দেৱৰ্ষি ভৰালী, ৰিনিকা ভৰালী আৰু ভূদেৱ ভৰালীৰ সৎকাৰৰ পিছত এতিয়া গভীৰ শোকে আৱৰি ধৰিছে বৰপেটাৰ ইছাপুৰহাটীৰ গৃহখনক।
পৰিয়ালৰ চাৰিজনক হেৰুৱাই এতিয়া ঘৰখনত বিৰাজ কৰিছে কেৱল নিস্তব্ধতা আৰু কান্দোনৰ ৰোল।
ইয়াৰ মাজতে সকলোৰে হৃদয় ভাঙি দিছে এটা দৃশ্যই। ঘৰৰ চোতালত নিশ্চিন্ত মনে খেলি আছে প্ৰয়াত দেৱৰ্ষি ভৰালীৰ ডেৰ বছৰীয়া কণমানি পুত্ৰ ইভান। কাষতে বহি ভাতৃক খেলি থকা চাই আছে তাৰ মৰমৰ ভগ্নী কাইৰা।

একো নজনা, একো নুবুজা এই দুটি নিষ্পাপ শিশুৱে এতিয়াও জনা নাই যে তেওঁলোকৰ মৰমৰ মা-দেউতা, খুৰা-খুৰী আৰু ককা আৰু কোনোদিন ঘূৰি নাহে। তেওঁলোকৰ হাঁহি-খেলে থকা দৃশ্যই এতিয়া চকু সেমেকাই তুলিছে প্ৰতিগৰাকীৰে।
এতিয়া সমগ্ৰ বৰপেটাবাসীৰ মনত এটাই প্ৰশ্ন – কি হ’ব এই নিষ্পাপ শিশু দুটিৰ ভৱিষ্যত? কোনে ল’ব এই কণমানি দুটিৰ দায়িত্ব?
এই প্ৰশ্নই এতিয়া ভিতৰি ভিতৰি জ্বলাই মাৰিছে প্ৰতিগৰাকী বৰপেটাবাসীক।