Your Mic Your Voice

কয়াকুছিত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান, গ্ৰেপ্তাৰ ৩

0

বাল্যবিবাহৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ কঠোৰ স্থিতি অব্যাহত। যোৱা নিশাৰ পৰা কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান।

এই অভিযানত বাল্যবিবাহত জড়িত থকাৰ অভিযোগত তিনি জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

unimex

ধৃত লোক কেইজন ক্ৰমে – কয়াকুছিৰ মৰিচা গাঁৱৰ জাহিদুল ইছলাম, অটা গাঁৱৰ মুস্তাফিজুৰ ৰহমান আৰু পকা বেতবাৰী পামৰ ছমেদ আলী।

আৰক্ষী সূত্ৰৰ মতে, ধৃত লোককেইজনৰ বিৰুদ্ধে বাল্যবিবাহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ তথ্য লাভ কৰা হৈছে। আজি তিনিওকে বৰপেটাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.

Translate »