অনুতাপ নাই ৰামানুজৰ, ‘চুগাৰ ডেডী’কো হত্যাৰ হুংকাৰ
গুৱাহাটী: বশিষ্ঠপুৰত সংঘটিত নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পত্নী ৰিয়া তালুকদাৰক বৰ্বৰভাৱে হত্যা কৰাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা ৰামানুজে ঘটনাটোৰ পাছতো কোনো অনুশোচনা প্ৰকাশ নকৰাৰ লগতে সাংবাদিকৰ সন্মুখত কৰা একাধিক মন্তব্যই ঘটনাটো অধিক চাঞ্চল্যকৰ কৰি তুলিছে।
আৰক্ষীৰ জিম্মাত থকা অৱস্থাত সাংবাদিকৰ আগত ৰামানুজে পত্নীক হত্যা কৰাৰ বাবে কোনো অনুতাপ নাই বুলি দাবী কৰে। আনকি ভৱিষ্যতে জে’লৰ পৰা ওলাই আহিলে ৰিয়াৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা ব্যক্তিগৰাকীকো হত্যা কৰাৰ হুংকাৰ দিয়ে।

সাংবাদিকৰ সন্মুখত ৰামানুজে কয়, “No regrets, no apology…”। ৰিয়াক হত্যা কৰি তেওঁৰ ভাল লাগিছে বুলিও মন্তব্য কৰে অভিযুক্তগৰাকীয়ে। ইয়াৰ পাছতে ৰিয়াৰ তথাকথিত ‘চুগাৰ ডেডী’ক জে’লৰ পৰা ওলাই অহাৰ পাছত হত্যা কৰাৰ হুংকাৰ দিয়ে তেওঁ।
অভিযুক্তৰ এনে মন্তব্যই হত্যাকাণ্ডটোৰ আঁৰত থকা মানসিকতা আৰু ঘটনাটোৰ সম্ভাব্য কাৰণক লৈ নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। ৰামানুজে পূৰ্বে পৰকীয়া সম্পৰ্কৰ সন্দেহৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।
ৰামানুজৰ চাঞ্চল্যকৰ বক্তব্য, হত্যাকাণ্ডৰ আঁৰৰ সম্ভাব্য কাৰণ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন—এই তিনিটা দিশে এতিয়া বশিষ্ঠপুৰ হত্যাকাণ্ডৰ তদন্তত বিশেষ গুৰুত্ব লাভ কৰিছে। আৰক্ষীৰ পৰৱৰ্তী তদন্তত ঘটনাটোৰ আঁৰৰ সম্পূৰ্ণ সত্য কিমানদূৰ পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয় হ’ব।