বিশ্বনাথ ঘাটত গৰজি উঠিল বীৰ লাচিতৰ জয়গান! আৰম্ভ হ’ল ২৪৮ কিমিৰ ৰোমাঞ্চকৰ ব্ৰহ্মপুত্ৰ অভিযান MENU 2026
বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু অদম্য সাহসক সোঁৱৰণ কৰি বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ হ’ল বহু প্ৰতীক্ষিত ব্ৰহ্মপুত্ৰ নৌ-চালন অভিযান ‘মেনু ২০২৬’ (MENU 2026)।
আজি ২৮ অক্টোবৰত উত্তৰ-পূব অঞ্চলৰ এন চি চি সঞ্চালকালয়ৰ উদ্যোগত এই ৰোমাঞ্চকৰ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।
১০০ কেডেটৰ ৰোমাঞ্চকৰ যাত্ৰা
এই অভিযানত ৪৮ আৰু ৪৯ নম্বৰ অসম নেভেল ইউনিট এন চি চিৰ মুঠ ১০০ গৰাকী ছিনিয়ৰ ডিভিজন আৰু ছিনিয়ৰ উইং কেডেটে অংশগ্ৰহণ কৰিছে।
বিশ্বনাথৰ জিলা অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। আনহাতে NCC ৰ ৫ অসম বেটেলিয়নৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ মায়ং বেদে এই অভিযানৰ আনুষ্ঠানিকভাৱে Flag-off কৰে।
৬ খন জিলাৰ মাজেৰে ২৪৮ কিমি

১০ দিনীয়া এই অভিযানত কেডেটসকলে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ৬ খন জিলা – বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰং, মৰিগাঁও আৰু কামৰূপ মেট্ৰ’ৰ মাজেৰে মুঠ ২৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অহা ৬ নৱেম্বৰত গুৱাহাটীৰ পাণ্ডু বন্দৰত এই ঐতিহাসিক যাত্ৰাৰ সামৰণি পৰিব।
যাত্ৰা পথত কি কি কৰিব?
কেৱল নৌ-চালনেই নহয়, যাত্ৰাপথত কেডেটসকলে বিভিন্ন স্থানত স্বচ্ছতা অভিযান, মাদক দ্ৰব্য নিবাৰণী সজাগতা আৰু বাটৰ নাটৰ জৰিয়তে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰগাথা প্ৰদৰ্শন কৰিব।
নেতৃত্বত কোন?
অভিযানটোৰ নেতৃত্ব দিছে ৪৮ নং অসম নেভেল ইউনিটৰ বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ তিলেশ্বৰ নাথে আৰু তেওঁক সহায় কৰিছে নিৰাপত্তা বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ মহম্মদ ফাৰহানে। নিৰাপত্তাৰ বাবে এছ ডি আৰ এফ আৰু আন আন উদ্ধাৰকাৰী দলৰ নাও সংলগ্ন কৰা হৈছে।
এই অভিযানে উত্তৰ-পূবৰ যুৱপ্ৰজন্মৰ মাজত দুঃসাহসিক ক্ৰীড়া, দলবদ্ধ কাম আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব বুলি আশা কৰা হৈছে।