Your Mic Your Voice

বান-লোকপিয়লৰ প্ৰভাৱত সলনি হ’ব পৰীক্ষা সূচী

0

গুৱাহাটী: শেহতীয়া বানপানী আৰু ৰাজ্যত চলি থকা লোকপিয়লৰ কাম-কাজৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ শিক্ষাখণ্ডতো। বানৰ বাবে কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদান ব্যাহত হোৱা আৰু লোকপিয়লৰ কামত শিক্ষক-কৰ্মচাৰী নিয়োজিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে।

এই সিদ্ধান্ত অনুসৰি দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী, ২০২৭লৈ আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান ৮ মাৰ্চ, ২০২৭লৈ অব্যাহত থাকিব। ইয়াৰ লগত সংগতি ৰাখিয়েই পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব।

সামাজিক মাধ্যমযোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তেওঁ উল্লেখ কৰে যে শেহতীয়া বানপানীয়ে ৰাজ্যৰ কেইখনমান জিলাত শিক্ষাব্যৱস্থাত ব্যাঘাত সৃষ্টি কৰিছে। ইয়াৰ সমান্তৰালভাৱে চলি থকা লোকপিয়লৰ কাম-কাজতো শিক্ষক-কৰ্মচাৰী জড়িত হৈ আছে। ফলত নিয়মীয়া পাঠদানৰ ওপৰত পৰা প্ৰভাৱ পূৰণ কৰাৰ বাবেই পাঠদানৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

unimex

শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ ফলত এইবাৰ HSLC আৰু HS Final পৰীক্ষাৰ প্ৰচলিত সময়সূচীতো কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা স্পষ্ট হৈছে। বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে পৰীক্ষাৰ পূৰ্বে সম্পূৰ্ণ পাঠ্যক্ৰম পঢ়াৰ সুযোগ লাভ কৰে, সেই উদ্দেশ্যেই নিয়মীয়া পাঠদানৰ সময় বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে, বানপানীৰ সময়ত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয় বন্ধ ৰাখিবলগীয়া হৈছিল। বহু অঞ্চলত যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ লগতে বিদ্যালয়সমূহতো স্বাভাৱিক শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈছিল। ইয়াৰ ফলত বিশেষকৈ ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত অসুবিধাৰ সৃষ্টি হৈছিল।

ইফালে, লোকপিয়লৰ দৰে বৃহৎ চৰকাৰী কাৰ্যসূচীত শিক্ষক-কৰ্মচাৰীসকলক বিভিন্ন দায়িত্বত নিয়োজিত কৰাৰ ফলতো বিদ্যালয়ৰ নিয়মীয়া শৈক্ষিক কাম-কাজত প্ৰভাৱ পৰিছে। এই দুয়োটা বিষয় বিবেচনা কৰিয়েই শিক্ষা বিভাগে পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠদানৰ সময় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »