Your Mic Your Voice

বশিষ্ঠপুৰ হত্যাকাণ্ড: মূল অভিযুক্ত ৰামানুজৰ মাতৃৰ প্ৰতিক্ৰিয়া

0

গুৱাহাটী: গুৱাহাটীৰ হাতীগাঁও-বশিষ্ঠপুৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে তেওঁৰ মাতৃৰ প্ৰতিক্ৰিয়া।

ৰামানুজৰ মাতৃৰ ভাষ্য অনুসৰি, শেষবাৰৰ বাবে ২ ছেপ্টেম্বৰত পুত্ৰৰ সৈতে কথা হৈছিল। সেইদিনা ৰামানুজে স্বাভাৱিকভাৱেই মাতৃৰ সৈতে কথা পতা বুলি জানিবলৈ দিয়ে। গুৱাহাটীৰ নিজা ফ্লেটত থাকি ৰেপিড চলাই থকা ৰামানুজে সেই সময়ত ওলা-উবেৰ চালকৰ ধৰ্মঘটৰ কথাও মাতৃক কৈছিল বুলি জানিব পৰা গৈছে।

মাতৃৰ মতে, ২ ছেপ্টেম্বৰতে বোৱাৰীৰ সৈতেও স্বাভাৱিকভাৱে কথা পাতিছিল। সেই সময়ত কোনো অস্বাভাৱিক পৰিস্থিতিৰ কথা তেওঁ অনুভৱ কৰা নাছিল।

unimex

উল্লেখ্য যে, ০২৫ চনৰ ২২ ছেপ্টেম্বৰত ৰামানুজ গোস্বামী আৰু ৰিয়াই বিবাহপাশত আবদ্ধ হৈছিল। প্ৰেমৰ সম্পৰ্কৰ পিছত দুয়োজনে গুৱাহাটীৰ নাৰেংগীৰ এখন মন্দিৰত বিবাহ সম্পন্ন কৰিছিল। বিবাহৰ পিছত দুয়ো গুৱাহাটীৰ বশিষ্ঠপুৰৰ ফ্লেটত বাস কৰিছিল।

পৰিয়ালৰ মতে, যোৱা মাঘ বিহুৰ সময়তো ৰামানুজ আৰু তেওঁৰ পত্নী গৌৰীপুৰৰ ঘৰলৈ গৈছিল আৰু তাত প্ৰায় এসপ্তাহ ধৰি আছিল।

ইফালে বশিষ্ঠপুৰৰ ফ্লেটত ৰিয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ সৈতে ৰামানুজে হাতীগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে । আৰক্ষীৰ তদন্ত আৰু ফৰেনছিক পৰীক্ষাৰ পিছতহে হত্যাকাণ্ডৰ সম্পূৰ্ণ কাৰণ আৰু ঘটনাৰ প্ৰকৃত পৰিস্থিতি স্পষ্ট হ’ব।

Leave A Reply

Your email address will not be published.

Translate »