গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা
গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে। প্ৰকল্পসমূহৰ ভিতৰত নতুন বহুবিষয়ক শৈক্ষিক ভৱন, নতুন ছাত্ৰাবাস আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী নিবাস নিৰ্মাণৰ লগতে প্ৰেক্ষাগৃহ আৰু পুথিভঁৰালৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নয়নৰ কামো অন্তৰ্ভুক্ত আছে।
এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, বিশিষ্ট নেতাসকলৰ নেতৃত্বত ধাৰাবাহিক ৰাজহুৱা আন্দোলনৰ ফলত ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক সাফল্যৰ প্ৰসংগত তেওঁ NIRF ২০২৫ত লাভ কৰা স্থান আৰু NAACৰ A+ স্বীকৃতিৰ কথাও উল্লেখ কৰে। ভাষিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰো তেওঁ প্ৰশংসা কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাষাই এখন সমাজৰ সভ্যতাৰ স্মৃতি, জ্ঞান আৰু পৰিচয় বহন কৰে। অসমীয়া আৰু তামিল সাহিত্যৰ মাজত অনুবাদৰ জৰিয়তে শৈক্ষিক আৰু সাহিত্যিক আদান-প্ৰদান বৃদ্ধি কৰাৰ পদক্ষেপক আদৰণি জনাই তেওঁ অসম আৰু তামিলনাডুৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰে।
ব্ৰহ্মপুত্ৰ অৱবাহিকা, বিপন্ন ভাষা, বহুভাষাবাদ, মহিলা অধ্যয়ন, পৰিৱেশৰ সুস্থিৰতা আৰু ভাৰতীয় জ্ঞান প্ৰণালীকে ধৰি বিভিন্ন বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা গৱেষণাৰ কথাও তেওঁ উল্লেখ কৰে। ব্ৰহ্মপুত্ৰক পৰিৱেশগত, অৰ্থনৈতিক আৰু সভ্যতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে অভিহিত কৰি আঞ্চলিক সমস্যাৰ লগতে ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সমাধানত গৱেষণাৰ ভূমিকা অধিক শক্তিশালী কৰাৰ আহ্বান জনায়।

উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ২০১৪ চনৰ পৰা দেশত নতুন IIT, IIM, IIIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, AIIMSসহ বিভিন্ন উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ কথা উল্লেখ কৰে। উচ্চ শিক্ষাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ কথাও তেওঁ উল্লেখ কৰি ইয়াক মহিলা সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ সূচক হিচাপে অভিহিত কৰে।
অসমৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আন্তঃগাঁথনি, সংযোগ, শিক্ষা, বিনিয়োগ আৰু নিয়োগৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰশংসা কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ন, আইআইএম গুৱাহাটীত MBAৰ প্ৰথম বেটচৰ আৰম্ভণি আৰু ২০২১ চনৰ পৰা যোগ্যতাৰ ভিত্তিত ১.৬৪ লাখৰো অধিক চৰকাৰী নিযুক্তিৰ কথাও তেওঁ উল্লেখ কৰে।
ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক বিকশিত ভাৰত@২০৪৭ৰ লক্ষ্যত অৰিহণা যোগাবলৈ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সাহসেৰে সপোন দেখা, গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে নতুন সমাধান বিচৰা আৰু প্ৰযুক্তিক মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ আহ্বান জনায়। স্বামী বিবেকানন্দৰ বাণী উদ্ধৃত কৰি তেওঁ যুৱসমাজক লক্ষ্যত উপনীত নোহোৱালৈকে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
অনুষ্ঠানত অঙ্কুৰণ দত্ত আৰু ননী গোপাল মহন্তৰ সম্পাদনাত প্ৰকাশিত ভূপেন হাজৰিকাঃ হানড্ৰেড ইয়াৰ্ছ অৱ এ ৱাণ্ডাৰিং ছংছ আৰু চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংশোধিত আৰু সম্প্ৰসাৰিত সংস্কৰণ উন্মোচন কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
অনুষ্ঠানৰ আন এক গুৰুত্বপূৰ্ণ দিশ আছিল ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা অসমৰ সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ লগতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু অংশগ্ৰহণকাৰীসকলক ‘নো টু ড্ৰাগছ’ শপতবাক্য গ্ৰহণ কৰোৱায়। যুৱসমাজক মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকি আত্ম-অনুশাসন বজাই ৰখা, সময়ৰ সঠিক ব্যৱহাৰ কৰা আৰু অত্যধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰ পৰিহাৰ কৰাৰ আহ্বান জনায়।
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব ড০ ৰবি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাকে ধৰি বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।