ছয় অক্টোবৰত নগাঁও লোকসভাৰ উপ-নিৰ্বাচন
গুৱাহাটী : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। নগাঁও লোকসভা আসনখনৰ বাবে অহা ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৯ অক্টোবৰত ভোটগণনা সম্পন্ন কৰা হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সময়সূচী অনুসৰি ৯ ছেপ্টেম্বৰত গেজেট অধিসূচনা জাৰি হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৬ ছেপ্টেম্বৰ হ’ব মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ১৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৯ ছেপ্টেম্বৰ। ইয়াৰ পিছত ৬ অক্টোবৰত ভোটগ্ৰহণ আৰু ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব। ১১ অক্টোবৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
নিৰ্বাচন আয়োগে দেশৰ আন পাঁচটা বিধানসভা সমষ্টিৰ লগতে অসমৰ নগাঁও লোকসভা সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
নগাঁও লোকসভা সমষ্টিৰ সকলো ভোটকেন্দ্ৰতে ইভিএম আৰু ভিভিপিএটি ব্যৱহাৰ কৰা হ’ব বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে। ৯ ছেপ্টেম্বৰত অধিসূচনা জাৰি হোৱাৰ পিছতে নগাঁও লোকসভা সমষ্টিত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৬ ছেপ্টেম্বৰলৈকে মনোনয়ন দাখিলৰ সুযোগ থাকিব।
১৭ ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা আৰু ১৯ ছেপ্টেম্বৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন পাৰ হোৱাৰ পিছত নগাঁৱৰ নিৰ্বাচনী ৰণক্ষেত্ৰৰ চূড়ান্ত ছবি স্পষ্ট হ’ব।
৬ অক্টোবৰত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব।