নেত্ৰদান পষেক উপলক্ষে কামৰূপত ব্যাপক সজাগতা কাৰ্যসূচী
আমিনগাঁও: নেত্ৰদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ পালন কৰা চকু দান পষেক উপলক্ষে কামৰূপ জিলাত বিভিন্ন সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
পষেকৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন BPHC পৰ্যায়ত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বেনাৰ প্ৰদৰ্শন আৰু সচেতনতামূলক পুস্তিকা বিতৰণ কৰা হৈছে। তৃণমূল পৰ্যায়লৈ নেত্ৰদানৰ গুৰুত্বৰ বাৰ্তা লৈ যোৱাৰ বাবে স্বাস্থ্য বিভাগে এই কাৰ্যসূচীসমূহ গ্ৰহণ কৰিছে।
নেত্ৰদান পষেক উপলক্ষে আজি আমিনগাঁৱৰ তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত জিলা পৰ্যায়ৰ এখন মূল সজাগতা সভা অনুষ্ঠিত হয়। সভাত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ACS উপস্থিত থাকে। তেওঁ জিলাখনৰ তৃণমূল পৰ্যায়ত চকু দান সম্পৰ্কীয় সজাগতা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জিলা আয়ুক্তগৰাকীয়ে বিশেষকৈ BPHC পৰ্যায়ত অধিক সজাগতা সৃষ্টি কৰাৰ লগতে আশা কৰ্মীসকলকো নেত্ৰদানৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আশা কৰ্মীসকলৰ জৰিয়তে সমাজৰ তৃণমূল পৰ্যায়লৈ নেত্ৰদানৰ দৰে মহান মানৱীয় কাৰ্যৰ বাৰ্তা অধিক ফলপ্ৰসূভাৱে প্ৰচাৰ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) চকু বিভাগৰ অধ্যাপিকা ডাঃ ভাৰতী দেউৰীয়ে নেত্ৰদানৰ বিভিন্ন বৈজ্ঞানিক দিশ সন্দৰ্ভত তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। তেওঁ নেত্ৰদানৰ গুৰুত্ব ব্যাখ্যা কৰি ইয়াৰ জৰিয়তে কৰ্ণিয়াজনিত অন্ধত্বত ভুগি থকা ব্যক্তিৰ জীৱনলৈ পুনৰ পোহৰ ঘূৰাই আনিব পৰা যায় বুলি উল্লেখ কৰে।
ইফালে নৰায়ণা বাফনা চিকিৎসালয়ৰ MD ডাঃ সমৰ দত্তই নেত্ৰদানৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰক্ৰিয়া আৰু সমাজৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ আৰম্ভণিতে NPCB, কামৰূপৰ DPO ডাঃ পদ্মেশ্বৰ কলিতাই আদৰণি ভাষণ আগবঢ়ায়। শেষত ডাঃ মুন মুন হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়।