Your Mic Your Voice

শিক্ষকৰ প্ৰতিবাদত উত্তাল প্ৰাথমিক শিক্ষা সঞ্চালকালয়

0

গুৱাহাটী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষকসকলৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় চৌহদ। নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত একত্ৰিত হোৱা শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

বিশেষকৈ নিয়মীয়া শিক্ষকক ঠিকাভিত্তিক শিক্ষক হিচাপে দৰমহা প্ৰদান কৰা বিষয়টোক লৈ ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰী শিক্ষকসকল। তেওঁলোকৰ অভিযোগ, নিয়মীয়া হিচাপে কৰ্মৰত শিক্ষকসকলকো ঠিকাভিত্তিক শিক্ষকৰ দৰে দৰমহা প্ৰদান কৰাটো তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰিপন্থী।

unimex

শিক্ষকসকলে জানিবলৈ দিয়া মতে, এই সমস্যা সমাধানৰ দাবীত পূৰ্বেও তেওঁলোকে শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল। সেই সময়ত শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলে উত্থাপন কৰা বিষয়টো চালি-জাৰি চাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। কিন্তু পৰৱৰ্তী সময়ত বিষয়টো সমাধানৰ ক্ষেত্ৰত কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকসকলে।

ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ন্যায্য প্ৰাপ্য আদায়ৰ দাবীত শিক্ষকসকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত শিক্ষকসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰে সমস্যাটো সমাধানৰ আহ্বান জনায়।

শিক্ষকসকলৰ এই দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে আৰু শিক্ষামন্ত্ৰীয়ে বিষয়টো কিদৰে সমাধান কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.

Translate »