গোলকগঞ্জত ট্ৰেইনৰ খুন্দাত যুৱকৰ মৃত্যু
ধুবুৰী: গোলকগঞ্জৰ হালাকুৰাৰ জিনকাটা অঞ্চলত সংঘটিত এক মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন মালবাহী ট্ৰেইনৰ খুন্দাত কপিল ৰায় নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, হালাকুৰাৰ জিনকাটা অঞ্চলত ৰে’ল লাইন অতিক্ৰম কৰি থকা সময়তে শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী মালবাহী ট্ৰেইনখনে কপিল ৰায়ক খুন্দা মাৰে। ফলত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।
নিহত কপিল ৰায় গোলকগঞ্জৰ ঘৰিয়ালডাঙা দ্বিতীয় খণ্ডৰ বাসিন্দা সুভাষ ৰায়ৰ পুত্ৰ বুলি জানিব পৰা গৈছে।