Your Mic Your Voice

তেজপুৰত শিক্ষয়িত্ৰীৰ বেগ থপিয়াই নিয়া দুই চিলনী চোৰ গ্ৰেপ্তাৰ

0

তেজপুৰ: তেজপুৰত শিক্ষয়িত্ৰীৰ পৰা বেগ থপিয়াই নিয়া দুই চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপশিখা দেৱীয়ে কালি লোকপিয়লৰ গণনা কামত স্বামীৰ সৈতে স্কুটীৰে তেজপুৰৰ পৰা কুঁৱৰীটোল অভিমুখে গৈ আছিল। ভোজখোৱা চাপৰিৰ সমীপত দ্ৰুতবেগী বাইকত অহা দুজন যুৱকে শিক্ষয়িত্ৰীগৰাকীৰ কান্ধৰ পৰা বেগটো থপিয়াই লৈ পলায়ন কৰে।

ঘটনাৰ পিছতে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ২৪ ঘণ্টাৰ ভিতৰতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

unimex

ধৃত দুজনক ভোমোৰাগুৰিৰ ২৮ বছৰীয়া মঃ ইছলাম ওৰফে কালিয়া আৰু গোটলঙৰ ২১ বছৰীয়া ৱাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাত ব্যৱহৃত AS-31-D-4813 নম্বৰৰ বাইকখনো জব্দ কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »