Your Mic Your Voice

ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ মৃতদেহ: গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা

0

গুৱাহাটী: মহানগৰীৰ হাতীগাঁৱৰ বশিষ্ঠপুৰ বাইলেনত ২৫ বছৰীয়া ৰিয়া তালুকদাৰ গোস্বামীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীৰ তদন্তত যুৱতীগৰাকীক অতি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ ঘনীভূত হৈছে। ঘটনাটোৰ সৈতে স্বামী ৰামানুজন গোস্বামীৰ নাম মূল সন্দেহজনক হিচাপে উত্থাপিত হৈছে আৰু তেওঁ বৰ্তমান সন্ধানহীন হৈ আছে।

জানিব পৰা মতে, ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ ফ্লেটটোত দেওবাৰে ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ সময়ত কোঠাটো বন্ধ অৱস্থাত পোৱাৰ লগতে মজিয়াত তেজৰ দাগো লাভ কৰে।

তদন্তৰ সময়ত ফ্লেটটোৰ ফ্ৰীজৰ ভিতৰত ক’লা পলিথিনত মেৰিওৱা অৱস্থাত ৰিয়াৰ কটা মূৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। মৃতদেহৰ বিভিন্ন অংগ পৃথকে পৃথকে পলিথিনত ৰখাৰো তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ প্ৰাথমিক সন্দেহ অনুসৰি, হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত মৃতদেহ লুকুৱাবলৈ এইদৰে ৰখা হৈছিল।

ঘটনাটো হত্যাকাণ্ড হোৱাৰ সন্দেহত আৰক্ষীয়ে ৰিয়াৰ স্বামী ৰামানুজন গোস্বামীক বিচাৰি অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে, ৰামানুজন পেছাত উবেৰ চালক আৰু প্ৰায় ছয় মাহ ধৰি ৰিয়াৰ সৈতে উক্ত ফ্লেটটোত বাস কৰি আছিল।

unimex

স্থানীয় বাসিন্দাসকলৰ ভাষ্য অনুসৰি, দম্পতীহালৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। শনিবাৰে নিশাও ফ্লেটটোৰ পৰা জোৰেৰে কথা-বতৰা আৰু হুলস্থূলৰ শব্দ শুনা গৈছিল। ইয়াৰ পিছত এগৰাকী মহিলাৰ কান্দোনৰ দৰে শব্দ শুনা গৈছিল বুলি চুবুৰীয়াই আৰক্ষীক জানিবলৈ দিছে।

ইতিমধ্যে ঘটনাস্থলীত CIDৰ ফিংগাৰপ্ৰিণ্ট দল আৰু লগতে ফৰেনছিক ছায়েন্স লেবৰেটৰী (FSL)ৰ দল উপস্থিত হৈ বিভিন্ন নমুনা আৰু প্ৰমাণ সংগ্ৰহ কৰিছে। ঘটনাস্থলীৰ পৰা লাভ কৰা ফৰেনছিক প্ৰমাণ, আঙুলিৰ ছাপ আৰু অন্যান্য তথ্যৰ ভিত্তিত তদন্ত আগবঢ়াইছে আৰক্ষীয়ে।

আৰক্ষীৰ তদন্তত হত্যাকাণ্ডটো সংঘটিত হোৱা সময়, হত্যাৰ সম্ভাব্য কাৰণ, মৃতদেহ লুকুৱাবলৈ গ্ৰহণ কৰা পদ্ধতি আৰু ঘটনাৰ পিছত ৰামানুজনৰ গতিবিধি আদি বিভিন্ন দিশ পৰীক্ষা কৰা হৈছে।

ইতিমধ্যে আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰামানুজন গোস্বামীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ লগতে ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ সম্পূৰ্ণ ৰহস্য উদঘাটনৰ বাবে তদন্ত চলি আছে।

Leave A Reply

Your email address will not be published.

Translate »