শিক্ষা-স্বাস্থ্যৰ উন্নয়নেৰে বিকশিত অসমৰ দিশত আগুৱাই যোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ
গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু SSUHSৰ সমাৱৰ্তনত অংশগ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
গুৱাহাটী: শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ শক্তিশালী উন্নয়নেই এখন উন্নত আৰু সুস্থ সমাজৰ ভেটি গঢ়ে বুলি উল্লেখ কৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে যুৱ প্ৰজন্মক জ্ঞান, নৈতিকতা আৰু সামাজিক দায়িত্ববোধেৰে আগুৱাই যাবলৈ আহ্বান জনাইছে। অসম ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষা, স্বাস্থ্যসেৱা, যুৱ সমাজ আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ পূৰ্বতে কন্যা মহাবিদ্যালয় নামেৰে পৰিচিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে মহাবিদ্যালয়খনৰ নতুন শৈক্ষিক ভৱন উদ্বোধন কৰে। পাঁচ দশকজোৰা সেৱা সম্পূৰ্ণ কৰাৰ বাবে মহাবিদ্যালয়খনক অভিনন্দন জনাই তেওঁ কয় যে গীতানগৰ মহাবিদ্যালয়ে অসমৰ শিক্ষা আৰু সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ শিক্ষা, জ্ঞান আৰু আত্মবিশ্বাসৰ জৰিয়তে প্ৰজন্মৰ পিছত প্ৰজন্মৰ যুৱতীক সবলীকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ অৱদান উল্লেখযোগ্য বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত অসমক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ ভূমি হিচাপে অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষা, সাহিত্য, সংগীত, নৃত্য, নাট্য আৰু থলুৱা পৰম্পৰাৰ জৰিয়তে দেশৰ সাংস্কৃতিক পৰিৱেশলৈ অসমৰ অৱদানৰ কথা উল্লেখ কৰে। লগতে লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমক স্মৰণ কৰি তেওঁক সমগ্ৰ দেশৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে দিয়া গুৰুত্বৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰাকৃতিক সম্পদ, অৰণ্য আৰু বিশ্ববিখ্যাত চাহেৰে সমৃদ্ধ অসমৰ যথেষ্ট সম্ভাৱনা আছে বুলি মন্তব্য কৰি ৰাজ্যখনে উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিছে বুলিও তেওঁ কয়।
শিক্ষাক পৰিৱৰ্তনৰ মূল আধাৰ হিচাপে অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ দায়িত্ব কেৱল ছাত্ৰ-ছাত্ৰীক চাকৰি বা জীৱিকাৰ বাবে প্ৰস্তুত কৰাত সীমাবদ্ধ নহয়। গণতান্ত্ৰিক আৰু সাংবিধানিক মূল্যবোধ, সামাজিক দায়িত্ববোধ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাপে যুৱ প্ৰজন্মক গঢ়ি তোলাতো শিক্ষা প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ উল্লেখ কৰে।
ইফালে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে। নতুনকৈ উত্তীৰ্ণ স্বাস্থ্যসেৱাৰ বৃত্তিধাৰীসকলক সমবেদনা, নৈতিকতা আৰু বৈজ্ঞানিক উৎকৰ্ষতাক অগ্ৰাধিকাৰ দি নিজৰ জ্ঞান আৰু দক্ষতা মানৱ সেৱাত উৎসৰ্গা কৰিবলৈ তেওঁ আহ্বান জনায়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ কৰা বিশ্ববিদ্যালয়খন স্বাস্থ্য বিজ্ঞানৰ শিক্ষা, গৱেষণা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি তেওঁ মন্তব্য কৰে। স্থানীয় ভাষাত চিকিৎসা জ্ঞানৰ প্ৰচাৰৰ বাবে ইংৰাজী-অসমীয়া চিকিৎসা বিজ্ঞানৰ অভিধান আৰু অসমীয়াত চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথি প্ৰকাশৰ পদক্ষেপৰো তেওঁ প্ৰশংসা কৰে।
দেশৰ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি আয়ুষ্মান ভাৰতৰ দৰে আঁচনিয়ে সাধাৰণ মানুহক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। অসমতো স্বাস্থ্য আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হৈছে বুলি উল্লেখ কৰি ২০২১ চনৰ ৭খনৰ পৰা ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই ১৫খন হোৱা আৰু আন ৯খন নিৰ্মাণাধীন থকাৰ কথা তেওঁ উল্লেখ কৰে।
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন এইমছ আৰু ৰাজ্যখনৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপী কেন্দ্ৰকে ধৰি তিনিতৰপীয়া কেন্সাৰ-কেয়াৰ নেটৱৰ্ক গঢ়ি উঠাৰ কথাও তেওঁ উল্লেখ কৰে। স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসমৰ বাহিৰৰ পৰাও ৰোগী উন্নত চিকিৎসাৰ বাবে ক্ৰমান্বয়ে গুৱাহাটীলৈ আহিবলৈ লৈছে।
দুয়োটা অনুষ্ঠানতে নিচামুক্ত সমাজ গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। গীতানগৰ মহাবিদ্যালয়ৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত লোকসকলক ‘No to Drugs’ শপত গ্ৰহণ কৰোৱাই তেওঁ যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। একেদৰে SSUHSৰ সমাৱৰ্তনতো যুৱ সমাজক নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ছাত্ৰ-ছাত্ৰীসকলক ছ’চিয়েল মিডিয়া গঠনমূলকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁ সময়, স্বাস্থ্য আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে দায়িত্বশীল সিদ্ধান্ত ল’বলৈ আহ্বান জনায়। কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি, মহাকাশ গৱেষণা আৰু উদ্যোগিতাৰ দৰে নতুন ক্ষেত্ৰত সৃষ্টি হোৱা সুযোগসমূহ গ্ৰহণ কৰি যুৱ প্ৰজন্মই বিকশিত ভাৰত গঢ়াত নেতৃত্ব দিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।
অসম ভ্ৰমণৰ সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী অশোক সিংহল, মুখ্য সচিব ড° ৰবি কোটা, সংশ্লিষ্ট বিভাগৰ বিষয়া, শিক্ষা প্ৰতিষ্ঠানসমূহৰ মুৰব্বী, শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ সৈতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে ৬ৰ পৰা ৯ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে। অসম ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানত তেওঁৰ অংশগ্ৰহণে ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাৰ্তা বহন কৰিছে।