৫ জনক হত্যা কৰাৰ পাছতে হাতত ফোন তুলি লৈছিল ঘনকান্তই
গুৱাহাটী: বিলাস-ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈয়ে ৫ জনক হত্যা কৰাৰ পাছতে ভাতৃক ফোন কৰিছিল। আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, ঘটনা সংঘটিত কৰাৰ প্ৰায় ৯ ৰ পৰা ৯:৩০ বজাৰ ভিতৰত তেওঁ ভাতৃক ফোন কৰি ঘটনাৰ বিষয়ে জনাইছিল।

পৰিয়ালৰ দাবী অনুসৰি, ৭ জনীয়া এটা দলে তেওঁক আক্ৰমণ কৰিছিল আৰু আত্মৰক্ষাৰ বাবেহে তেওঁ গুলী চলাবলগীয়া হৈছিল। কিন্তু আৰক্ষীয়ে এই দাবী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।