বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ-চৰাইদেউৰ কৃষকলৈ নাৰিকল-তামোলৰ পুলি বিতৰণ
শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত কৃষকসকলৰ মাজত আনুষ্ঠানিকভাৱে নাৰিকল আৰু তামোলৰ পুলি বিতৰণ কৰে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ুৰ বৰগোহাঁই আৰু অখিল গগৈ উপস্থিত থাকে।

অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ মাত্ৰ ২১ শতাংশহে জলসিঞ্চনৰ আওতাত আছে, অহা চাৰে চাৰি বছৰত অতিৰিক্ত ২০ শতাংশ ভূমিক জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। ৰবি শস্যৰ বাবে পৰ্যাপ্ত বীজ মজুত থকাৰ কথা উল্লেখ কৰি তেওঁ কৃষকসকলক বহুফচলী কৃষি আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। অসমক উদ্যানশস্যৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ড্ৰেগন ফ্ৰুট, লিচু, আম, কঁঠালৰ দৰে ফলৰ খেতিত গুৰুত্ব দিয়া হৈছে আৰু অহা বছৰৰ পৰা প্ৰতিটো সমষ্টিতে ৫ৰ পৰা ৭ লাখ ফলমূলৰ পুলি বিতৰণৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ জনায়।
মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি শেহতীয়া বানত শিৱসাগৰ জিলাৰ প্ৰায় ৫০ হাজাৰ কৃষক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে শিৱসাগৰ-চৰাইদেউত ৮০ হাজাৰ নাৰিকল আৰু ১.৬০ লাখ তামোলৰ পুলি বিতৰণ কৰা হৈছে, আনহাতে সমগ্ৰ অসমত এইবছৰ ২.৮৪ লাখ নাৰিকল আৰু ৮ লাখ তামোলৰ পুলি বিতৰণ কৰা হৈছে।
পিছত মন্ত্ৰীগৰাকীয়ে বেতবাৰীত ‘খেতি বচাও অভিযান ২.০’ৰ সজাগতা কাৰ্যসূচীত অংশ লৈ মাটিৰ স্বাস্থ্য ৰক্ষা আৰু বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণৰ আহ্বান জনায় আৰু নাৰিকলৰ পুলি ৰোপণ কৰে।