Your Mic Your Voice

নিমানন্দ দাসৰ স্মৃতিত সাংস্কৃতিক সাংবাদিকতা সন্থা, অসমৰ স্মৃতিচাৰণ সভা

0

গুৱাহাটী: সাংস্কৃতিক সাংবাদিক, লেখক, চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালক নিমানন্দ দাসৰ সৃষ্টিৰাজি, কৰ্মজীৱন, চিন্তা-দৰ্শন আৰু সাংস্কৃতিক সাংবাদিকতালৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰি গুৱাহাটী প্ৰেছ ক্লাৱত সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সন্থাৰ সভাপতি বিতোপন বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিমানন্দ দাসৰ দীৰ্ঘদিনীয়া সাংস্কৃতিক সাংবাদিকতা, লেখক আৰু চলচ্চিত্ৰকৰ্মী হিচাপে তেওঁৰ সৃষ্টিশীল যাত্ৰা, সাংস্কৃতিক চিন্তা আৰু অসমীয়া চলচ্চিত্ৰক লৈ দেখা সপোনৰ বিষয়ে স্মৃতিচাৰণ কৰা হয়।

সভাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ সভাপণ্ডিত, চন্দ্ৰ মুদৈ, বিশিষ্ট অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক বাহাৰুল ইছলাম, অনুপ হাজৰিকা, ৰাজেন ৰাজখোৱা, সুৰেশ ৰঞ্জন গডুকা, বিশ্বজিত কলিতা, খগেন কলিতা, ধনঞ্জয় দেৱনাথ, মুকুল দাস আৰু সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃণাল কুমাৰ বৰাই নিমানন্দ দাসৰ সৈতে জড়িত বিভিন্ন স্মৃতি, তেওঁৰ কৰ্মজীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়। সভাত চলচ্চিত্ৰ পৰিচালক হীৰেণ বৰা, ভাগীৰথী, মীনা ইংতি, হেমন্ত কুমাৰ দাস, শিবাণু বৰা, অমৰেন্দ্ৰ ডেকা, ৰাজেশ ম’ৰ আদিকে ধৰি ভালেসংখ্যক সাংস্কৃতিক কৰ্মী, সাংবাদিক, চলচ্চিত্ৰকৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে।

unimex

প্ৰয়াত নিমানন্দ দাসৰ স্মৃতি সুঁৱৰি স্মৃতিচাৰণ সভাত বিশিষ্ট অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক বাহাৰুল ইছলামে সাংস্কৃতিক সাংবাদিকতা ক্ষেত্ৰখনলৈ নিমানন্দ দাসৰ দৰে সাংবাদিকে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে এগৰাকী সাংস্কৃতিক সাংবাদিকক ‘সাংস্কৃতিক সাংবাদিকতা বঁটা’ প্ৰদানৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক অনুৰোধ জনোৱাৰ লগতে প্ৰয়োজনীয় সমুদায় ব্যয় নিজে বহন কৰাৰ ঘোষণা কৰে।

উল্লেখযোগ্য যে সাংস্কৃতিক সাংবাদিক সন্থা, অসমেও সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এনে এটা বঁটা প্ৰদানৰ বিষয়ে ইতিমধ্যে চিন্তা-চৰ্চা কৰি আছিল। এনে সময়তে বাহাৰুল ইছলামে বঁটাটোৰ বাবে প্ৰয়োজনীয় ব্যয় বহন কৰাৰ দায়িত্ব স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰাত সন্থাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। সন্থাই বাহাৰুল ইছলামৰ এই মহানুভৱতা আৰু সাংস্কৃতিক সাংবাদিকতাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সাংস্কৃতিক সাংবাদিক সন্থা, অসমে অতি সোনকালে বঁটাটোৰ নাম, নীতি-নিয়ম, যোগ্যতা, বাছনি প্ৰক্ৰিয়া আৰু অন্যান্য কাৰিকৰী দিশ সম্পৰ্কে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে সবিশেষ ঘোষণা কৰা হ’ব।

Leave A Reply

Your email address will not be published.

Translate »