Your Mic Your Voice

জুবিন ক্ষেত্ৰত তিনিদিনীয়া বিশেষ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

0

অসমৰ সাংস্কৃতিক জগতৰ অন্যতম জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু সাংস্কৃতিক অৱদানক সন্মান জনাই সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত অহা ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া এক বিশেষ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিব।
তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিন অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পুৱা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অনুষ্ঠানৰ শুভাৰম্ভ হ’ব। সন্ধিয়াৰ পৰা আৰম্ভ হ’ব নিশাযোৰা সাংস্কৃতিক কাৰ্যসূচী। বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ে নিজৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এই কাৰ্যসূচী নিশা অব্যাহত থাকি পৰৱৰ্তী দিনৰ পুৱালৈ চলিব।

unimex


১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল সাংস্কৃতিক সমাৰোহ। অসমৰ জনজাতীয় আৰু অজনজাতীয় সমাজৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰা, সংগীত, নৃত্য আৰু অন্যান্য লোককলা এই অনুষ্ঠানত উপস্থাপন কৰা হ’ব। জুবিন গাৰ্গৰ সাংস্কৃতিক জীৱন আৰু তেওঁ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি তোলা সংযোগক এই অনুষ্ঠানৰ জৰিয়তে স্মৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
স্মৰণোৎসৱৰ অন্তিম দিন ১৯ ছেপ্টেম্বৰত পুৱা আনুষ্ঠানিকভাৱে আসন প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব ভাগৱত পাঠ। সন্ধিয়াৰ পৰম্পৰাগত ভাওনা প্ৰদৰ্শনেৰে সামৰণি পৰিব তিনিদিনীয়া এই বিশেষ অনুষ্ঠানৰ।


ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক এই তিনিদিনীয়া অনুষ্ঠানত উপস্থিত হৈ প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিব বুলি আশা কৰা হৈছে।জুবিন গাৰ্গৰ সংগীত আৰু সাংস্কৃতিক অৱদানে অসমৰ সীমা অতিক্ৰম কৰি বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰিছিল। সেই সৰ্বজনীন সাংস্কৃতিক চেতনাক আগত ৰাখিয়েই জুবিন ক্ষেত্ৰত এই তিনিদিনীয়া স্মৰণোৎসৱৰ আয়োজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »