Your Mic Your Voice

মহানগৰীৰ হোমষ্টেত নাবালিকা কিশোৰীক ধৰ্ষণৰ অভিযোগ

0

মহানগৰীৰ সাউকুছিৰ এটা হোমষ্টেত অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কামৰূপৰ পছৰীয়া অঞ্চলৰ ছাত্ৰীগৰাকী দেওবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল।

অভিযোগ অনুসৰি, গোৱালপাৰাৰ পৰমেশ্বৰ নাথ নামৰ এজন যুৱকে শিঙিমাৰীৰ পৰা ছাত্ৰীগৰাকীক ফুচুলাই হোমষ্টেখনলৈ লৈ যায়। নিশাটো হোমষ্টেত থকাৰ পাছত সোমবাৰে পুৱতি নিশা পাণবজাৰৰ শুক্লেশ্বৰ ঘাটৰ ৰাজপথত নাবালিকাগৰাকীক পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।

unimex

ঘটনাটোৰ সৈতে পৰমেশ্বৰ নাথৰ লগতে হিৰকজ্যোতি দাস, বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথ জড়িত থকাৰ অভিযোগ উঠিছে। ইয়াৰে বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথ হোমষ্টেৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে দদৰা আৰক্ষীয়ে চাৰিওজনকে আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। নাবালিকাগৰাকীৰ উদ্ধাৰ আৰু চিকিৎসা সম্পৰ্কীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »