বহুচৰ্চিত জুবিন গাৰ্গ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক কেন্দ্ৰ কৰি ২২ মেত গৌহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। শুনানিৰ অন্তত আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২৫ মে’ ধাৰ্য কৰে। আজি শ্যামকানু মহন্তৰ হৈ অধিবক্তাই আদালতত যুক্তি প্ৰদৰ্শন কৰে। আনহাতে, চৰকাৰৰ হৈ অধিবক্তা দেৱজিৎ লন শইকীয়াই উপস্থিত থাকে। আদালতৰ নির্দেশনা অনুসৰি, অহা ২৫ মে’ত চৰকাৰী পক্ষই অভিযুক্তৰ জামিন আবেদন নাকচ কৰাৰ সপক্ষে নিজৰ যুক্তি আদালতৰ সন্মুখত দাখিল কৰিব।
শুনানিৰ সময়ত শ্যামকানু মহন্তৰ পক্ষই জুবিন গাৰ্গৰ মৃত্যুক এক “দুৰ্ঘটনা” বুলি অভিহিত কৰে। লগতে, জুৰিনক জোৰ-জবৰদস্তি কৰি চিংগাপুৰলৈ নিয়াৰ অভিযোগো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয় বুলি জানিব পৰা গৈছে । শ্যামকানুৰ অধিবক্তাই আদালতত যুক্তি দি কয় যে চিংগাপুৰ ভ্ৰমণৰ সময়ত জুবিনক সুৰা যোগান ধৰা হৈছিল বুলি উত্থাপিত অভিযোগ সত্য নহয়। এই যুক্তিৰ জৰিয়তে অভিযুক্ত পক্ষই ঘটনাটোক ইচ্ছাকৃত অপৰাধৰ পৰিৱৰ্তে এক ব্যক্তিগত আৰু দুৰ্ভাগ্যজনক পৰিস্থিতিৰ ফলাফল হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে, যোৱা ১৫ মে’ত এই গোচৰৰ শুনানিৰ অন্তত গৌহাটী উচ্চ ন্যায়ালয়ে পুনৰ শুনানিৰ বাবে ২২ মে’ৰ দিন নিৰ্ধাৰণ কৰিছিল। ইয়াৰ পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল।
সেই সময়ত আদালতে কৈছিল যে অভিযুক্তজন পলাই যোৱাৰ সম্ভাৱনা নস্যাৎ কৰিব নোৱাৰি আৰু তদন্তৰ এই পৰ্যায়ত তেওঁক জামিন দিয়াটো উপযুক্ত নহ’ব। বিশেষ ফাষ্ট ট্ৰেক আদালতৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শ্যামকানু মহন্তই গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এতিয়া ২৫ মে’ত চৰকাৰী পক্ষৰ যুক্তি উপস্থাপনৰ পিছত আদালতে গোচৰটোৰ পৰৱৰ্তী আইনী দিশ নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰা হৈছে। এই বহুচৰ্চিত গোচৰটোক লৈ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য অব্যাহত আছে।
