অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভা চৌহদত কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে । নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ প্ৰতিনিধিসকলে । সাধাৰণ ৰাইজৰ জীৱন-যাপন দুৰ্বিষহ কৰি তোলা এই অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি বিধায়কসকলে অভিযোগ উত্থাপন কৰি হাতে হাতে প্লে কাৰ্ড লৈ চৌহদতে প্ৰৱল প্ৰতিবাদ জনায় । ৰাইজৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ হৈ দায়িত্বশীল বিৰোধী দল হিচাপে কংগ্ৰেছ দলে আগন্তুক দিনতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব বুলি প্ৰতিবাদস্থলীত ঘোষণা কৰে । ইফালে ৰাজ্যপালৰ ভাষণক কেন্দ্ৰ কৰি সদনৰ ভিতৰতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়কসকলকে ধৰি কেইবাজনো বিৰোধী বিধায়কে ৰাজ্যপালৰ ভাষণ বয়কট কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজ্যপালৰ ভাষণত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি আৰু জনদুৰ্ভোগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে বুলি বিৰোধী পক্ষই অভিযোগ উত্থাপন কৰে । বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে অসমৰ উন্নয়নমূলক বিষয়ত বিৰোধী দলে সদায় চৰকাৰক সহযোগিতা আগবঢ়াই আহিছে আৰু আগলৈও আগবঢ়াই যাব। কিন্তু ৰাজ্যপালৰ ভাষণত সাধাৰণ জনতাৰ বাস্তৱ সমস্যাৰ কোনো উল্লেখ নথকাটো অতি দুখজনক বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালৰ ভাষণত ৰাইজৰ কষ্টৰ বিষয়ে এটা কথাও নাছিল বুলি বিৰোধী বিধায়কসকলে উল্লেখ কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অত্যধিক বৃদ্ধি পাইছে আৰু সাধাৰণ মানুহে জীয়াই থকাই কঠিন হৈ পৰিছে বুলি মূল্যবৃদ্ধিৰ প্ৰসংগত তেওলোকে উল্লেখ কৰে ।
মূল্যবৃদ্ধিয়ে ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ জনতাক প্ৰভাৱিত কৰিছে বুলি উল্লেখ কৰি বিৰোধী বিধায়কসকলৰ অভিযোগ কৰে যে ৰাজ্যপালৰ ভাষণত এই সমস্যাসমূহৰ কোনো সমাধান বা উল্লেখ নথকাটো চৰকাৰৰ অসংবেদনশীল মনোভাৱৰ প্ৰতিফলন । এই প্ৰতিবাদৰ অংশ হিচাপে কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ লগতে আন কেইটামান বিৰোধী দলৰ বিধায়কেও ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়ত বিধানসভাৰ কাৰ্যসূচীৰ পৰা আঁতৰি থাকে। ফলত অধিৱেশনৰ দ্বিতীয় দিনটোত ৰাজনৈতিক পৰিবেশ উত্তাল হোৱা দেখা যায় । উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ প্ৰভাৱে জনসাধাৰণৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত বিৰোধী দলসমূহে বিধানসভাৰ ভিতৰ-বাহিৰে চৰকাৰক লক্ষ্য কৰি তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে।
