Your Mic Your Voice

বৰপেটাত শোকসন্তপ্ত ভৰালী পৰিয়ালৰ কাষত বিধানসভাৰ অধ্যক্ষ

0

গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত নৃশংস হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা বিলাস ভৰালীৰ বৰপেটাৰ বাসগৃহত আজি উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস।

ইচ্ছাপুৰহাটীস্থিত বাসগৃহত উপস্থিত হৈ তেওঁ পৰিয়ালৰ সদস্যসকলক সান্ত্বনা দিয়ে।

unimex

সাংবাদিকৰ আগত তেওঁ কয়, এই ঘটনা অত্যন্ত নৃশংস আৰু দুৰ্ভাগ্যজনক। বৰপেটাৰ এটা সন্মানীয় ব্যৱসায়ী পৰিয়ালৰ ওপৰত এনে বৰ্বৰ কাণ্ডই সকলোকে ব্যথিত কৰিছে।

তেওঁ লগতে কয়, আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। ৰাজ্য চৰকাৰ সদায় এই পৰিয়ালটোৰ কাষত আছে বুলি তেওঁ আশ্বাস দিয়ে।

ঘনকান্ত গগৈৰ হাতত থকা অবৈধ অস্ত্ৰ সন্দৰ্ভত তেওঁ কয় যে, অসম চৰকাৰৰ পৰা কোনো অনুমতি লোৱা নাছিল, সেয়ে আৰক্ষীৰ ওচৰত তথ্য নাছিল। যদি আগতীয়াকৈ জনা গ’লহেঁতেন, আৰক্ষীয়ে আগতেই অস্ত্ৰ জব্দ কৰিলেহেঁতেন।

Leave A Reply

Your email address will not be published.

Translate »