ডুলীয়াজান: ডুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আজিৰে পৰা ইয়াৰ নেহৰু ময়দানত বৃহত্তৰ ডুলীয়াজান আন্ত:স্কুল ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। মিনি ছাব জুনিয়ৰ আৰু ছাব জুনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ৩০ মেত। আজিছাব জুনিয়ৰ পৰ্যায়ত ক্ৰিষ্ট কিং হাই স্কুল দলে নিউ ভিষ্টা স্কুলক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
দুয়োটা শাখাতে মুঠ ১৮ টা দলে ভাগ লৈছে।অইল ইণ্ডিয়াই স্পনছৰ কৰা প্ৰতিযোগিতা উদ্ধোধন কৰে অইল ইণ্ডিয়াৰ মহা প্ৰৱন্ধক ৰাণা ভৰালীয়ে। অনুষ্ঠানত উপস্হিত আছিল ডা: বিৰাজ হাজৰিকা,মনোজ দাস ,ৰাজীব চেতিয়া আৰু ভাস্কৰজ্যোতি গগৈ।আদৰণি ভাষণ দিয়ে একাডেমীৰ সভাপতি মাধৱ বুঢাগোহায়ে।
