কৃষি মন্ত্ৰীৰ ডাঙৰ পদক্ষেপ, হাইলাকান্দিত ৫ কৃষি বিষয়াক নিলম্বন
কৃষি মন্ত্ৰীৰ নিৰ্দেশত হাইলাকান্দি কৃষি বিভাগত বৃহৎ খৰ্গহস্ত।
কৰ্তব্যত চৰম গাফিলতিৰ অভিযোগত জিলাখনৰ ৫ গৰাকীকৈ কৃষি উন্নয়ন বিষয়া (ADO) ক নিলম্বন কৰা হৈছে। নিলম্বিত বিষয়াকেইগৰাকী হৈছে আকাশদীপ কাৰিগ্যাপশা, প্ৰিয়াংকু মজুমদাৰ, ৰাজিবুল হক মুল্লা, আদিত্য বেজবৰুৱা আৰু মাধুৰ্য হাজৰিকা।

সূত্ৰ অনুসৰি, জিলাখনত কৃষকৰ কৃষি পঞ্জীয়নৰ কামত তেওঁলোকে চৰম হেমাহি কৰিছিল। বহু কৃষকে পঞ্জীয়ন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছিল বহু প্ৰকৃত কৃষক।
এই গাফিলতিৰ বাবে পূৰ্বে বিভাগৰ তৰফৰ পৰা আটাইকেইগৰাকী বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী (Show Cause Notice) জাৰি কৰা হৈছিল। কিন্তু সন্তোষজনক উত্তৰ দিব নোৱাৰাৰ বাবে অৱশেষত কৃষি মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেওঁলোকক নিলম্বন কৰা হয়।
এই ঘটনাই সমগ্ৰ হাইলাকান্দি জিলাৰ কৃষি বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।