Your Mic Your Voice

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

0

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত আজি উত্তাল হৈ পৰে লিডু। সন্দেহজনক বাংলাদেশী নাগৰিকক বিতাড়ন, বনাঞ্চল ধ্বংস ৰোধ, অবৈধ শিল-বালিৰ চোৰাং সৰবৰাহ বন্ধ আৰু চৰকাৰী নিয়ম অমান্য কৰা ইটাভাটা বন্ধ কৰাৰ দাবীত প্ৰতিবাদত নামে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি।

লিডু কলেজ তিনিআলিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি কাঞ্চন বৰা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বিমল সিংহৰ নেতৃত্বত বহু যুৱ-ছাত্ৰই অংশ লয়।

unimex

প্ৰতিবাদকাৰীসকলে শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰীৰ পুত্তলিকা দাহ কৰে।

জিলা উপ-সভাপতি কাঞ্চন বৰাই মাৰ্ঘেৰিটাৰ সমস্যাৰ সন্দৰ্ভত বক্তব্য ৰাখি চৰকাৰ-প্ৰশাসনক শীঘ্ৰে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।

Leave A Reply

Your email address will not be published.

Translate »