জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে জড়িত বহুচৰ্চিত গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ গৌহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূর্ণ শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে দুই পক্ষৰ বিস্তৃত যুক্তি শুনাৰ পাছত শ্যামকানু মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। আদালতে জনোৱা অনুসৰি, অহা ২৯ মে’ত এই জামিন আবেদনৰ ওপৰত ৰায়দান কৰা হ’ব। যদিও আদালতে ইংগিত দিয়ে যে বিশেষ কাৰণত এদিন-দুইদিন সময়ৰ তাৰতম্য হ’বও পাৰে। আজিৰ শুনানিত চৰকাৰী পক্ষৰ হৈ মহা অধিবক্তা দেৱজিৎ শইকীয়াই আদালতৰ সন্মুখত তদন্তকাৰী সংস্থাই সংগ্ৰহ কৰা বিভিন্ন তথ্য, নথি-পত্ৰ আৰু তদন্তৰ সামগ্ৰীসমূহ বিস্তৃতভাৱে দাঙি ধৰে। চৰকাৰী পক্ষই আদালতত স্পষ্টভাৱে যুক্তি দিয়ে যে এই পৰ্যায়ত শ্যামকানু মহন্তক জামিন দিয়াটো উচিত নহ’ব। শুনানিৰ অন্তত চৰকাৰী পক্ষৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত কয় যে, “ দুই পক্ষৰ যুক্তি আদালতে শুনিলে। পূৰ্বৰ শুনানিত শ্যামকানু মহন্তৰ অধিবক্তাই তেওঁলোকৰ যুক্তি দৰ্শাইছিল। আজি মূলতঃ চৰকাৰী পক্ষৰ যুক্তি উপস্থাপন কৰা হয়। তদন্তকাৰী সংস্থাই সংগ্ৰহ কৰা সকলো তথ্য আদালতৰ সন্মুখত তন্ন তন্নকৈ দাঙি ধৰা হৈছে। আমি আদালতত কৈছোঁ যে এই পৰ্যায়ত অভিযুক্তক জামিন দিয়া উচিত নহয়।”
চৰকাৰী পক্ষই আদালতত এই ঘটনাক “পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড” বুলি দাবী কৰে। তেওঁলোকৰ বক্তব্য অনুসৰি, গোচৰটোত জড়িত প্ৰতিজন অভিযুক্তৰ পৃথক পৃথক ভূমিকা আছে আৰু তদন্তত সংগৃহীত তথ্যসমূহে সেই কথাক সমৰ্থন কৰিছে। তদন্তকাৰী সংস্থাই সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত চাৰ্জশ্বীটত যিবোৰ বিষয় অন্তর্ভুক্ত কৰা হৈছে, সেইসমূহ আদালতৰ সন্মুখত উপস্থাপন কৰা হয়।
ইয়াৰ উপৰিও চৰকাৰী পক্ষই “ফ্লাইট ৰিস্ক”ৰ বিষয়টোও আদালতৰ সন্মুখত উত্থাপন কৰে। অধিবক্তাই কয় যে ঘটনাৰ ঠিক পাছতেই শ্যামকানু মহন্ত মালয়েছিয়াৰ কুৱালালামপুৰলৈ গুচি গৈছিল। এই ঘটনাই তেওঁ পলায়ন কৰাৰ সম্ভাৱনা থকা বুলি চৰকাৰী পক্ষই আদালতত উল্লেখ কৰে।
চৰকাৰী পক্ষই আদালতত এই কথাও দাঙি ধৰে যে শ্যামকানু মহন্তই বিভিন্ন সময়ত জুবিন গাৰ্গৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিছিল। আদালতত উল্লেখ কৰা হয় যে কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে আত্মহত্যা কৰাৰ ভাবুকিও দিয়া হৈছিল। অধিবক্তাই কয়, “এইটো এটা প্ৰেছাৰ টেকটিক্স আছিল। তেওঁ কৈছিল যে অনুষ্ঠানলৈ নাযালে আত্মহত্যা কৰিব। জুবিন গাৰ্গ কেনেধৰণৰ ব্যক্তি আছিল সকলোয়ে জানে— কোনোবাই কিবা ক’লে তেওঁ সেই কথা ৰাখিবলৈ চেষ্টা কৰিছিল।”
শুনানিৰ সময়ত শ্যামকানু মহন্তৰ ভতিজী সৃজনী মহন্তই দিয়া বক্তব্যৰ বিষয়েও আদালতত আলোচনা হয়। চৰকাৰী পক্ষই দাবী কৰে যে সৃজনী মহন্তই জুবিন গাৰ্গক “সামগ্ৰী”ৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই বিষয়সমূহো আদালতৰ সন্মুখত উপস্থাপন কৰা হৈছে।
চৰকাৰী পক্ষই আৰু অভিযোগ তোলে যে জুবিন গাৰ্গক বিভিন্ন অনুষ্ঠানত কম পাৰিশ্রমিক দি অংশগ্ৰহণ কৰোৱা হৈছিল আৰু তেওঁক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হৈছিল। এই বিষয়সমূহো শুনানিৰ সময়ত উত্থাপিত হয়।
আনহাতে, ডিফেন্স বা অভিযুক্ত পক্ষই চৰকাৰী পক্ষৰ “ফ্লাইট ৰিস্ক” যুক্তিৰ বিৰোধিতা কৰে। তেওঁলোকৰ বক্তব্য অনুসৰি, শ্যামকানু মহন্তৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপোৰ্ট আদি ইতিমধ্যে জব্দ কৰা হৈছে। সেয়েহে তেওঁ কেনেদৰে দেশ এৰি পলায়ন কৰিব পাৰে, সেই প্ৰশ্নও ডিফেন্স পক্ষই আদালতত উত্থাপন কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। সেই সময়ত আদালতে মন্তব্য কৰিছিল যে অভিযুক্তজন পলাই যোৱাৰ সম্ভাৱনা আছে আৰু এই পৰ্যায়ত তেওঁক জামিন দিয়াটো উপযুক্ত নহ’ব। সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শ্যামকানু মহন্তই গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই বহুচৰ্চিত গোচৰটোক লৈ ৰাজ্যজুৰি এতিয়াও তীব্ৰ আগ্ৰহ আৰু চাঞ্চল্য অব্যাহত আছে। অহা ২৯ মে’ত উচ্চ ন্যায়ালয়ে কি ৰায়দান কৰে, সেয়াৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
