• Home  
  • ৰাজ্যৰ বিদ্যালয়সমূহলৈ অসম আৰক্ষীৰ সতৰ্কবাণী
- অসম

ৰাজ্যৰ বিদ্যালয়সমূহলৈ অসম আৰক্ষীৰ সতৰ্কবাণী

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ আৰু শিশুসকলৰ ওপৰত বৃদ্ধি পোৱা চাইবাৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ সকলো বিদ্যালয়লৈ শিশু সুৰক্ষা আৰু ডিজিটেল গোপনীয়তা নিশ্চিত কৰাৰ উদ্দেশ্যে এক বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে অসম আৰক্ষীয়ে। ডিজিটেল যুগত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি ছচিয়েল মিডিয়া প্লেটফৰ্মত বিদ্যালয়সমূহে বিভিন্ন অনুষ্ঠান, ক্ৰীড়া প্ৰতিযোগিতা, শিক্ষামূলক ভ্ৰমণ বা […]

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ আৰু শিশুসকলৰ ওপৰত বৃদ্ধি পোৱা চাইবাৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ সকলো বিদ্যালয়লৈ শিশু সুৰক্ষা আৰু ডিজিটেল গোপনীয়তা নিশ্চিত কৰাৰ উদ্দেশ্যে এক বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে অসম আৰক্ষীয়ে। ডিজিটেল যুগত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি ছচিয়েল মিডিয়া প্লেটফৰ্মত বিদ্যালয়সমূহে বিভিন্ন অনুষ্ঠান, ক্ৰীড়া প্ৰতিযোগিতা, শিক্ষামূলক ভ্ৰমণ বা অন্যান্য কাৰ্যসূচীৰ ফটো আৰু ভিডিঅ’ নিয়মীয়াকৈ শ্বেয়াৰ কৰি আহিছে। কিন্তু এইসমূহ পোষ্টৰ জৰিয়তে শিশুসকলৰ ব্যক্তিগত তথ্য অপব্যৱহাৰ হোৱাৰ আশংকা বৃদ্ধি পোৱাত আৰক্ষীয়ে এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

অসম আৰক্ষীৰ এই পৰামৰ্শাৱলীত স্পষ্টকৈ কোৱা হৈছে যে এতিয়াৰে পৰা স্কুল কৰ্তৃপক্ষই কোনো শিশুক সহজে চিনাক্ত কৰিব পৰা ধৰণৰ স্পষ্ট ফটো বা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাৰ পৰা বিৰত থাকিব লাগিব। আৰক্ষীয়ে পৰামৰ্শ দিছে যে শিক্ষাৰ্থীৰ মুখ স্পষ্টকৈ দেখা নাযোৱা গ্ৰুপ ফটো, পিছফালৰ পৰা লোৱা ছবি, ব্লাৰ কৰা মুখমণ্ডল বা কাৰ্যকলাপভিত্তিক ইলাষ্ট্ৰেচন ব্যৱহাৰ কৰাটো অধিক সুৰক্ষিত। ইয়াৰ লগতে শিশুসকলৰ ব্যক্তিগত তথ্য ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো শিক্ষাৰ্থীৰ সম্পূৰ্ণ নাম, শ্ৰেণীৰ সবিশেষ তথ্য, পৰিচয় পত্ৰ, ফোন নম্বৰ, বৰ্তমানৰ অৱস্থিতি বা আন কোনো ব্যক্তিগত তথ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰিব বুলি আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে। পৰামৰ্শাৱলীত “টেগিং” আৰু “লাইভ আপডেট”ৰ ক্ষেত্ৰতো বিশেষ সতর্কতা অৱলম্বনৰ কথা কোৱা হৈছে। বিদ্যালয়ৰ কোনো অনুষ্ঠান, শিক্ষা ভ্ৰমণ, শিবিৰ বা বাহিৰৰ কাৰ্যসূচীৰ প্ৰকৃত সময়ৰ আপডেট ছচিয়েল মিডিয়াত পোষ্ট নকৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। 

ইয়াৰ উপৰিও শিশুসকল, পিতৃ-মাতৃ বা অভিভাৱকৰ ছচিয়েল মিডিয়া প্ৰফাইল, বাসস্থান বা অনুষ্ঠানৰ স্থান কোনো পোষ্টত “টেগ” নকৰিবলৈও কোৱা হৈছে। অসম আৰক্ষীয়ে বিদ্যালয়সমূহক সকলো পোষ্ট ছচিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পূৰ্বে বাধ্যতামূলকভাৱে পুনৰীক্ষণ কৰাৰ পৰামৰ্শ দিছে। যদি কোনো শিশু বা অভিভাৱকে কোনো পোষ্টৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰে, তেন্তে সেই পোষ্ট বা সমল তৎক্ষণাৎ আঁতৰাই পেলাব লাগিব বুলি আৰক্ষীয়ে স্পষ্ট নিৰ্দেশ দিছে। শিক্ষক আৰু বিদ্যালয় কৰ্মচাৰীসকলকো চাইবাৰ বিপদৰ সন্দৰ্ভত বিশেষভাৱে সজাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰক্ষীয়ে বিশেষকৈ CSAM-ৰ অপব্যৱহাৰ, AI Morphing, Grooming, Sextortion, Cyberbullying আৰু Digital Privacyৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত শিক্ষকসকলক সচেতন কৰাৰ কথা উল্লেখ কৰিছে। আৰক্ষীয়ে বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক, অভিভাৱক আৰু সাধাৰণ জনতাক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে। আৰক্ষীৰ মতে, এই পদক্ষেপে ছচিয়েল মিডিয়াৰ জৰিয়তে শিশুসকলৰ বিৰুদ্ধে সংঘটিত হ’ব পৰা সম্ভাৱ্য চাইবাৰ অপৰাধ বহু পৰিমাণে ৰোধ কৰাত সহায় কৰিব।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.