ছয়মাইলৰ পৰা জালুকবাৰীলৈ আৰক্ষীৰ খেদা, তিনিজন ডকাইত গ্ৰেপ্তাৰ
গুৱাহাটীঃ মহানগৰীত ধাৰাবাহিক ডকাইতিৰ ঘটনাৰ তদন্তৰ মাজতে মঙলবাৰে আৰক্ষীৰ অভিযানত তিনিজন সন্দেহযুক্ত ডকাইত গ্ৰেপ্তাৰ হয়। ছয়মাইলৰ পৰা আৰম্ভ হোৱা আৰক্ষীৰ খেদা অভিযান জালুকবাৰীলৈকে চলাৰ পিছত এখন চাৰিচকীয়া বাহন আগচি ধৰি তিনিজনক আটক কৰিবলৈ সক্ষম হয় দিছপুৰ আৰু জালুকবাৰী আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ছয়মাইলত এখন চাৰিচকীয়া বাহনত চাৰিজন সন্দেহযুক্ত ডকাইত থকাৰ তথ্য লাভ কৰিছিল দিছপুৰ আৰক্ষীয়ে। তথ্যৰ ভিত্তিত মঙলবাৰে দুপৰীয়া আৰক্ষীৰ এটা দল ছয়মাইলত উপস্থিত হোৱাৰ সময়তে আৰক্ষীৰ উপস্থিতিৰ উমান পাই সন্দেহযুক্ত লোককেইজনে বাহনখন লৈ পলায়নৰ চেষ্টা কৰে।

ইয়াৰ পিছতে দিছপুৰ আৰক্ষীয়ে বাহনখনৰ পিছে পিছে খেদি যায়। আৰক্ষীৰ খেদা অভিযান জালুকবাৰী পৰ্যন্ত চলাৰ সময়তে পূৰ্বৰে পৰা সষ্টম হৈ থকা জালুকবাৰী আৰক্ষীৰ দলেও অভিযানত নামি বাহনখন আগচি ধৰে। আৰক্ষীৰ অভিযানৰ মাজতে বাহনখনৰ পৰা তিনিজন লোকক আটক কৰা হয় যদিও আন এজন লোক পলায়ন কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা তিনিজনক ইক্ৰামূল ইছলাম, ৰেকিবুল ইছলাম আৰু ইউছুফ আলী বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা নগদ কেইবালাখ টকা উদ্ধাৰ কৰাৰ লগতে ডকাইতিৰ ঘটনাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা কেইবাবিধো সামগ্ৰী জব্দ কৰা হৈছে।
আটকাধীন তিনিওজনক থানালৈ নি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। পলায়ন কৰা আনজন সন্দেহযুক্ত লোকৰ সন্ধানতো অভিযান চলাই থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। লগতে আটকাধীন লোককেইজনৰ সৈতে ডকাইতিৰ ঘটনাত আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।