Your Mic Your Voice

সীমান্ত অঞ্চলৰ জনসাধাৰণৰ থলুৱা জ্ঞান আৰু পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত আলোচনা

0

গুৱাহাটী: বিশ্ব অ’জন দিৱস, ২০২৬ উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, গুৱাহাটী মহানগৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগে যৌথভাৱে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত “সীমান্ত অঞ্চলৰ জনসমাজৰ থলুৱা জ্ঞান আৰু বহনক্ষম ভৱিষ্যতৰ বাবে পৰিৱেশ সংৰক্ষণ” শীৰ্ষক এক সজাগতামূলক আলোচনা সভা অনুষ্ঠিত কৰে।

উক্ত আলোচনা সভাত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী অঞ্চলৰ জনসমাজে পৰিৱেশ সংৰক্ষণ, অ’জন স্তৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাত পৰম্পৰাগত পৰিৱেশগত জ্ঞান, সমাজভিত্তিক সংৰক্ষণমূলক পদক্ষেপ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰি ৰখাত থলুৱা জ্ঞানৰ গুৰুত্ব সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

ইয়াৰ লগতে প্ৰাকৃতিক আৰু স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰা, অ’জন স্তৰ ক্ষয়কাৰী পদাৰ্থৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, পৰম্পৰাগত বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰা, বনাঞ্চল আৰু জলাভূমি সংৰক্ষণ কৰা, দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু শীতলীকৰণ সঁজুলিৰ সুৰক্ষিত ব্যৱহাৰ সম্পৰ্কে জনসজাগতা সৃষ্টি কৰাৰ দৰে বিভিন্ন থলুৱা আৰু সমাজভিত্তিক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।

unimex

বিষয়টোৰ ওপৰত অনুষ্ঠিত পেনেল আলোচনাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আলোচনাত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকল আছিল ড০ ঈশাংকুৰ শইকীয়া, অধ্যাপক, প্ৰয়োগিক বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; অভিযন্তা নাজমীন ৰহমান, সহকাৰী কাৰ্যবাহী অভিযন্তা, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ; ড০ পাৰ্থ প্ৰতীম দাস, পৰামৰ্শদাতা, অসম পৰ্যটন উন্নয়ন নিগম, গুৱাহাটী; আৰু অধ্যাপক ধ্ৰুৱ প্ৰতীম শৰ্মা, মুৰব্বী, ৰাজনীতি বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

অনুষ্ঠানৰ আৰম্ভণিতে অধ্যাপক সুভাষ মেধি, মুৰব্বী, জৈৱ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ে আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণ আগবঢ়ায় অধ্যাপক উৎপল শৰ্মা, পঞ্জীয়ক, গুৱাহাটী বিশ্ববিদ্যালয়ে। ইয়াৰ পিছতে শ্ৰীমতী নৱনীতা নাথ, কাৰ্যবাহী, পৰিৱেশ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, গুৱাহাটীয়ে মূল বক্তব্য প্ৰদান কৰে।অনুষ্ঠানটোত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ-সংযোজক শ্ৰী প্ৰদীপন ডাঙৰীয়া আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, গুৱাহাটী মহানগৰৰ সভাপতি শ্ৰী বিপুল নাথ উপস্থিত থাকে।

বক্তাসকলে অ’জন স্তৰ সুৰক্ষাকে ধৰি সামগ্ৰিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আধুনিক পদ্ধতিৰ সৈতে থলুৱা আৰু সমাজভিত্তিক জ্ঞানৰ সমন্বয় সাধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা জনসমাজক অধিক শক্তিশালী কৰি বহনক্ষম পৰিৱেশ ব্যৱস্থাপনাত তেওঁলোকৰ ভূমিকা অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হয়।

অনুষ্ঠানৰ সামৰণিত ড০ ৰিতুপৰ্ণা বৰা, জৈৱ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ে শলাগৰ শৰাই আগবঢ়ায়। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.

Translate »