Your Mic Your Voice

হোটেল-হোমষ্টে, লজ-গেষ্ট হাউছত অতিথিৰ পৰিচয় পৰীক্ষা বাধ্যতামূলক, কঠোৰ আৰক্ষী

0

গুৱাহাটী: নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে গুৱাহাটী মহানগৰীত হোটেল, হোমষ্টে, লজ আৰু গেষ্ট হাউছসমূহৰ ওপৰত অধিক কঠোৰ হৈছে আৰক্ষী। এনে প্ৰতিষ্ঠানসমূহত অনিয়ম ৰোধ আৰু অতিথিৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে মালিক আৰু পৰিচালকসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰি কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে।

মঙলবাৰে গুৱাহাটী আৰক্ষীৰ ডিচিপি বলীন দেউৰীৰ পৌৰোহিত্যত পৰ্যটক তথা অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰা প্ৰতিষ্ঠানসমূহৰ মালিক আৰু পৰিচালকসকলৰ সৈতে এই বৈঠক অনুষ্ঠিত হয়। ধাৰাপুৰ-গৰল অঞ্চলত সংঘটিত শেহতীয়া ঘটনাৰ পাছত প্ৰতিষ্ঠানসমূহে প্ৰচলিত নিয়ম-কানুন কঠোৰভাৱে পালন কৰিব লাগিব বুলি আৰক্ষীয়ে বৈঠকত স্পষ্ট কৰি দিয়ে।

আৰক্ষীৰ নিৰ্দেশ অনুসৰি, কোনো অতিথিক কোঠা আৱণ্টন দিয়াৰ পূৰ্বে ফটোসহ বৈধ পৰিচয়-পত্ৰ পৰীক্ষা কৰাটো বাধ্যতামূলক। অতিথিৰ পৰিচয়ৰ তথ্য সঠিকভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো প্ৰতিষ্ঠানসমূহক বিশেষ গুৰুত্ব দিবলৈ কোৱা হৈছে।

unimex

বিশেষকৈ কম বয়সীয়া যুৱক-যুৱতীয়ে কোঠা বুকিং কৰাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ হোটেল, হোমষ্টে, লজ আৰু গেষ্ট হাউছৰ পৰিচালনাক নিৰ্দেশ দিয়া হৈছে। বৈধ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ কোনো ব্যক্তিক কোঠা আৱণ্টন কৰিলে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে।

ইয়াৰ উপৰি, প্ৰতিটো কোঠাৰ ভিতৰে-বাহিৰে আৰু সহজে চকুত পৰা স্থানত অসম আৰক্ষীৰ জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ ডাঙৰ আখৰেৰে লিখি ৰখা অথবা ফলক স্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে। কোনো সন্দেহজনক কাৰ্যকলাপ, অস্বাভাৱিক ঘটনা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে কোনো ধৰণৰ বিলম্ব নকৰি ওচৰৰ আৰক্ষী থানাক অৱগত কৰিবলৈও প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে।

Leave A Reply

Your email address will not be published.

Translate »