• Home  
  • দুৰ্নীতি নিবাৰক শাখাৰ জালত ধৃত দুই এচিএছ বিষয়াসহ অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
- অসম

দুৰ্নীতি নিবাৰক শাখাৰ জালত ধৃত দুই এচিএছ বিষয়াসহ অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই চলাই থকা দুটা পৃথক দুৰ্নীতি আৰু চৰকাৰী ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই এচিএছ বিষয়াসহ অভিযুক্তসকলক আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।২১ মে’ত উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই  গ্ৰেপ্তাৰ কৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব তথা ভূমি অভিলেখ আৰু জৰীপ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাসক বুধবাৰে বিশেষ […]

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই চলাই থকা দুটা পৃথক দুৰ্নীতি আৰু চৰকাৰী ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই এচিএছ বিষয়াসহ অভিযুক্তসকলক আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।
২১ মে’ত উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই  গ্ৰেপ্তাৰ কৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব তথা ভূমি অভিলেখ আৰু জৰীপ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাসক বুধবাৰে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইতিমধ্যে ন্যায়িক জিম্মাত থকা এচিএছ বিষয়া লাচিত কুমাৰ দাসক আদালতে পুনৰ চাৰি দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, দুৰ্নীতি নিবাৰক শাখাৰ  ১৯/২০২৬ নম্বৰ গোচৰৰ অধীনত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ ৭(এ) ধাৰাত ৰুজু হোৱা গোচৰত লাচিত কুমাৰ দাসক হাতে-লোটে ধৰা হৈছিল। অভিযোগ অনুসৰি, ভূমি বিক্ৰীৰ অনুমতিৰ ‘এনঅ’চি’ জাৰি কৰাৰ নামত তেওঁ অভিযোগকাৰীৰ পৰা এক লাখ টকা ঘোচ দাবী কৰিছিল। পিছত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত তেওঁ ৪৫ হাজাৰ টকা ঘোচ লওঁতেই গ্ৰেপ্তাৰ হয়।
ইফালে, অসম মীন উন্নয়ন নিগম-ৰ চৰকাৰী ধন আত্মসাতৰ গোচৰতো তদন্ত তীব্ৰতৰ কৰি তুলিছে দুৰ্নীতি নিবাৰক শাখাই। ২৬ মে’ত গ্ৰেপ্তাৰ হোৱা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব তথা অসম মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন চন্দ্ৰ বসুমতাৰী আৰু নিগমটোৰ প্ৰাক্তন প্ৰজেক্ট মেনেজাৰ ভগীৰথ দাসক আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়ো অভিযুক্তকে ছয় দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। চৰকাৰী ধন আত্মসাতৰ অভিযোগত ৰুজু হোৱা দূৰ্নীতি নিবাৰক থানাৰ ৩০/২০২৩ নম্বৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। তদন্তকাৰী সংস্থাই ইতিমধ্যে বিভিন্ন নথি-পত্ৰ, বেংক লেনদেন আৰু সম্পত্তিৰ তথ্য পৰ্যালোচনা কৰি আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, লাচিক দাসৰ গৃহত অভিযান চলাই প্ৰায় ডেৰ কোটি থকা নগদ ধনৰ লগতে নামে বেনামে থকা বহু সম্পত্তি উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই । তদন্তৰ অন্ততহে এইসকল বিষয়াৰ সমগ্ৰ গোপন অধ্যায় পোহৰলৈ আহিব । 

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.