Your Mic Your Voice

প্ৰথম বাৰৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু

0

বিশ্বনাথ: প্ৰথম বাৰৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হোৱা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক মহাবিদ্যালয়খনৰ কেইবাটাও উন্নয়ন মূলক কামৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে । বিশ্বনাথ মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পিছত মন্ত্ৰী গৰাকীৰ মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকা সকলৰ সৈতে মহাবিদ্যালয় খনৰ আন্তঃগাঁথনিমূলক বিভিন্ন সমস্যা, বিষয় অনুযায়ী বিভাগীয় নতুন পদ সৃষ্টি, বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত হ’ব পৰা নতুন প্ৰেক্ষাগৃহ,শৈক্ষিক, ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই।
এই সময়ছোৱাত উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তা মণি শৰ্মা, বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস, বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়া কৰণ, বিশ্বনাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুকিল হাজৰিকা ।

Leave A Reply

Your email address will not be published.

Translate »