ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
অহা ২২ ছেপ্টেম্বৰত গুজৰাটৰ একতা নগৰত (কেৱড়িয়া) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কলা-কুশলী তথা অন্যান্য শিল্পীসকলে সমন্বয়েৰে ২০২৪ বৰ্ষৰ ভাৰতীয় চলচ্চিত্ৰৰ অতুলনীয় সফলতা উদযাপন কৰাৰ সুযোগ পাব।
চলচ্চিত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত ১৯৫৪ চনত প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হৈছে দেশৰ আটাইতকৈ সন্মানীয়। সাত দশকৰো অধিক কাল ধৰি এই বঁটাসমূহে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ সমৃদ্ধ ভাষিক, সাংস্কৃতিক আৰু আঞ্চলিক বৈচিত্ৰ্য প্ৰতিফলিত কৰাৰ লগতে চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ সম্পৰ্কীয় লিখাৰ ক্ষেত্ৰত অসামান্য সৃষ্টিশীল আৰু কাৰিকৰী সাফল্যক স্বীকৃতি দি আহিছে।
গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপৰ অংশ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰিধি অতিক্ৰম কৰি দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। এই বছৰ একতা নগৰত আয়োজিত এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰ প্ৰতিভা একত্ৰিত হোৱাৰ জৰিয়তে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱধাৰা প্ৰতিফলিত হ’ব।

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কাৰ্য্যসূচীৰ জৰিয়তে বিভিন্ন ভাষা, ধাৰা আৰু চিনেমাৰ ৰূপসমূহৰ মাধ্যমেৰে বৈচিত্ৰ্য উদযাপিত হৈছে। ‘আৰ্টিকেল ৩৭০’ ক শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে সন্মানিত কৰা হ’ব। শ্ৰেষ্ঠ অ-কাহিনীমূলক চলচ্চিত্ৰ হিচাপে ‘ভাংগাৰ’ নিৰ্বাচিত হোৱাৰ লগতে ‘ৰাম-নামি’ক জুৰীয়ে শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে বাছনি কৰিছে। ‘ব্ৰময়ুগম’ৰ বাবে মামুট্টি আৰু ‘চন্দু চেম্পিয়ন’ৰ বাবে কাৰ্তিক আৰিয়ানক মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা বঁটাৰ বাবে বাচনি কৰা হৈছে । আনহাতে ‘আৰ্টিকেল ৩৭০’ৰ বাবে য়ামি গৌতমক মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে বাছনি কৰা হৈছে। ‘স্বতন্ত্ৰ বীৰ সৱৰকাৰ’ৰ বাবে ৰণদীপ হুডাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিব।
এই বঁটাসমূহৰ জৰিয়তে মাৰাঠী, সন্তালী, তামিল, মালয়ালম, তেলুগু, কানাড়া, তুলু আৰু গড়ৱালীকে ধৰি বিভিন্ন ভাষা আৰু ৰূপৰ চলচ্চিত্ৰৰ উৎকৃষ্টতাক স্বীকৃতি দিয়া হৈছে। ‘কল্কী ২৮৯৮ এডি’, ‘অমৰণ’, ‘পুষ্পাঃ দ্য ৰুল পাৰ্ট-০২’, ‘ভূল ভুলাইয়া ৩’ আৰু ‘ষ্ট্ৰী ২’ৰ দৰে কেইবাখনো ছবিয়েও বিভিন্ন শাখাত সন্মান লাভ কৰিব। এইবেলি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অ-কাহিনীমূলক চলচ্চিত্ৰ শাখাত সন্তালী চলচ্চিত্ৰ এখনক সন্মানিত কৰা হ’ব।
চলচ্চিত্ৰ সন্দৰ্ভত ৰচিত লেখাসমূহৰ শ্ৰেষ্ঠ লেখকৰ শাখাত সঞ্জীৱ শ্ৰীবাস্তৱক শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰা হৈছে। শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হ’ব ড° প্ৰদীপ কেঞ্চানুৰুৰ দ্বাৰা লিখিত আৰু মিৰ’ৰ পুস্তকৰ দ্বাৰা প্ৰকাশিত ‘নানিৰুভুদে নিমাগাগী নাদিৰুভুদে নানাগাগীঃ কানাড়া চিনেমাডা থাথৱা মট্টু ৰাজকেয়া’।