• Home  
  • নামভৰ্তিৰ মাচুল বৃদ্ধি: বিশ্বনাথ মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
- অসম

নামভৰ্তিৰ মাচুল বৃদ্ধি: বিশ্বনাথ মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ

বিশ্বনাথ মহাবিদ্যালয়, অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ শেহতীয়া নামভৰ্তি নীতিৰ বিৰুদ্ধে বিশ্বনাথ মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । বিশ্বনাথ মহাবিদ্যালয় আছু গোট আৰু বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী । ২০২৬–২৭ শৈক্ষিক বৰ্ষৰ নামভৰ্তিৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ […]

বিশ্বনাথ মহাবিদ্যালয়, অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ শেহতীয়া নামভৰ্তি নীতিৰ বিৰুদ্ধে বিশ্বনাথ মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে । বিশ্বনাথ মহাবিদ্যালয় আছু গোট আৰু বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

২০২৬–২৭ শৈক্ষিক বৰ্ষৰ নামভৰ্তিৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে শ্ল’গান দিয়ে আৰু প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলৰ অভিযোগ, নামভৰ্তিৰ মাচুল বৃদ্ধি পোৱাৰ ফলত বিশেষকৈ গ্ৰাম্য অঞ্চল, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বহু শিক্ষাৰ্থী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ আশংকা বৃদ্ধি পাইছে । লগতে চৰকাৰৰ বিনামূলীয়া নামভৰ্তি আঁচনিৰ নীতি সংশোধন কৰি বেংক পেপাৰ থকা শিক্ষাৰ্থীসকলক এই সুবিধাৰ পৰা বাদ দিয়াৰ সিদ্ধান্তকো তীব্ৰ সমালোচনা কৰে ছাত্ৰ সংগঠন দুটাই ।

ছাত্ৰ নেতাসকলে কয় যে, চৰকাৰী আৰু অনুদানপ্ৰাপ্ত মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ পৰা ব্যক্তিগত বা বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে উচ্চ মাচুল সংগ্ৰহ কৰাৰ প্ৰচেষ্টা শিক্ষাৰ অধিকাৰ আৰু সমতা নীতিৰ পৰিপন্থী । তেওঁলোকৰ মতে, এনে সিদ্ধান্তই আৰ্থিকভাৱে দুৰ্বল কিন্তু মেধাৱী শিক্ষাৰ্থীৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰিব ।

প্ৰতিবাদস্থলীত আছু আৰু ছাত্ৰ একতা সভাৰ নেতাসকলে চৰকাৰক শীঘ্ৰে নামভৰ্তিৰ অতিৰিক্ত মাচুল হ্ৰাস কৰাৰ লগতে সকলো যোগ্য শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া নামভৰ্তিৰ সুবিধা পুনৰ বাহাল ৰাখিবলৈ দাবী জনায় । তেওঁলোকে সকীয়াই দিয়ে যে, চৰকাৰ আৰু শিক্ষা বিভাগে এই দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰকৈ গঢ়ি তোলা হ’ব ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.