• Home  
  • ৰাজ্যৰ বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থগিত কৰিলে ধৰ্মঘট কাৰ্যসূচী
- অসম - গুৱাহাটী

ৰাজ্যৰ বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থগিত কৰিলে ধৰ্মঘট কাৰ্যসূচী

গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত । দিল্লীৰ যন্তৰ-মন্তৰত হৈ থকা প্ৰতিবাদ আৰু সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ১০ দিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছিল ছাত্ৰ সংগঠনটোৱে । কিন্তু শেহতীয়াকৈ ৰাজ্যত বানে পৰিগ্ৰহ কৰা জটিল বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই কাৰ্যসূচী স্থগিত […]

গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত । দিল্লীৰ যন্তৰ-মন্তৰত হৈ থকা প্ৰতিবাদ আৰু সোনম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ১০ দিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছিল ছাত্ৰ সংগঠনটোৱে । কিন্তু শেহতীয়াকৈ ৰাজ্যত বানে পৰিগ্ৰহ কৰা জটিল বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ সংগঠনটোৱে ।

উল্লেখ্য যে, ২০ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা চচলত প্ৰতিবাদত বহিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সমান্তৰালকৈ অসমৰ শিক্ষা মন্ত্ৰীৰো পদত্যাগৰ দাবীৰে এই কাৰ্যসূচী হাতত লৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । চৰকাৰী শিক্ষানুষ্ঠান ব্যক্তিগত খণ্ডৰ হাতলৈ ঠেলি দিয়া, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰাৰ লগতে কেইবাটাও বিষয় উত্থাপন কৰিবৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল SMSS এ ।

বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি সাময়িকভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰাখি প্ৰশাসনৰ দ্বাৰা মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ৰাজ্যৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিলেই পৰৱৰ্তী সময়ত এই আন্দোলন পুনৰ ভয়ংকৰ ৰূপত গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.