Your Mic Your Voice

দেশৰ ভোটাৰ বনাম ‘প্ৰতাৰক’ৰ যুঁজ: বিজেপিক তীব্ৰ সমালোচনা তেজস্বী যাদৱৰ

0

দেশৰ ভোটাৰ বনাম ‘প্ৰতাৰক’ৰ যুঁজ: বিজেপিক তীব্ৰ সমালোচনা তেজস্বী যাদৱৰ

বিহাৰৰ বিৰোধী দলৰ নেতা তথা ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) জ্যেষ্ঠ নেতা তেজস্বী যাদৱে বিজেপিক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে। তেওঁ কয় যে বৰ্তমান দেশত যি যুঁজ চলিছে সেয়া দেশৰ ভোটাৰ আৰু প্ৰতাৰকৰ মাজৰ যুঁজ।

unimex

এক সংবাদমেলত তেজস্বীয়ে কয়, “বিজেপি ভোট চুৰি কৰি, ভোটাৰক প্ৰতাৰণা কৰি গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে। কিন্তু দেশৰ ভোটাৰ এতিয়া সজাগ হৈছে।”

তেওঁ লগতে অভিযোগ কৰে যে বিজেপি চৰকাৰৰ দিনত নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাপক অনিয়ম হৈছে আৰু বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা চলিছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে সকলো ভোটাৰে একত্ৰিত হৈ এই প্ৰতাৰক শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি তেওঁ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.

Translate »