Your Mic Your Voice

২০২৩ৰ মণিপুৰ হিংসাৰ তদন্ত কৰা আয়োগক আকৌ ৬ মাহৰ সম্প্ৰসাৰণ!

0

২০২৩ চনৰ মণিপুৰ হিংসাৰ তদন্ত কৰি থকা তদন্ত আয়োগক কেন্দ্ৰই আকৌ ৬ মাহৰ সম্প্ৰসাৰণ দিছে। এতিয়া আয়োগে অহা বছৰৰ ২০ মে’, ২০২৭ ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি চৰকাৰী অধিসূচনাত কোৱা হৈছে।

unimex

এইটো আয়োগৰ বাবে ৭ম বাৰৰ সম্প্ৰসাৰণ। ২০২৩ চনৰ ৪ জুনত গঠন হোৱা এই ৩ জনীয়া আয়োগৰ বৰ্তমান মুৰব্বী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বলবীৰ সিং চৌহান। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাই আয়োগৰ নেতৃত্ব দিছিল।

উল্লেখ্য যে, ২০২৩ চনৰ ৩ মে’ত Tribal Solidarity March ৰ পিছত মণিপুৰত জাতিগত হিংসা আৰম্ভ হৈছিল, য’ত ২৬০ তকৈ অধিক লোকৰ মৃত্যু হৈছিল। আয়োগে হিংসাৰ ঘটনা ক্ৰম, কৰ্তৃপক্ষৰ গাফিলতি আছিল নে নাই, সেই বিষয়ে তদন্ত কৰি আছে।

Leave A Reply

Your email address will not be published.

Translate »