Your Mic Your Voice

আলমগঞ্জত ধুবুৰী প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, বেদখল মুক্ত কেইবা বিঘা ভূমি

0

গৌৰীপুৰ ৰাজহ চক্ৰৰ অধীনৰ আলমগঞ্জত দেওবাৰে ধুবুৰী জিলা প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাই প্ৰায় ৬৫০ বিঘা চৰকাৰী মাটি বেদখলমুক্ত কৰে। পুৱতি নিশাৰে পৰা কটকটীয়া নিৰাপত্তা আৰু ব্যাপক প্ৰস্তুতিৰ মাজেৰে আৰম্ভ হোৱা দিনজোৰা অভিযানটো সফলভাৱে সামৰণি পৰে।

অভিযান সম্পূৰ্ণ হোৱাৰ পিছত ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথে সংবাদ মাধ্যমক জনায় যে দীৰ্ঘদিন ধৰি বেদখল হৈ থকা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে বুলডজাৰ আৰু জেচিবিৰ সহায়ত এই পদক্ষেপ লোৱা হৈছিল।

প্ৰশাসনে জনোৱা মতে, এই উচ্ছেদৰ উদ্দেশ্য কেৱল ভূমি উদ্ধাৰেই নহয়, ইয়াৰ আঁৰত আছে ধুবুৰী জিলাৰ ভৱিষ্যৎ ঔদ্যোগিক উন্নয়নৰ বৃহৎ পৰিকল্পনা। উদ্ধাৰ কৰা ভূমিত এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে।

জিলা আয়ুক্তৰ মতে, এই প্ৰস্তাৱিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ বাবে মুঠ ৩০০০ বিঘা ভূমিৰ প্ৰয়োজন হ’ব। উত্তৰ-পূবৰ দুৱাৰমুখ ধুবুৰীত এই প্ৰকল্পই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ লগতে স্থানীয় যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

unimex

দেওবাৰে অভিযান চলি থকাৰ মাজতে এটা বিশেষ ঘটনা ঘটে। বুলডজাৰেৰে উচ্ছেদ চলি থাকোঁতে জেচিবিৰ চালকজন হঠাৎ অচেতন হৈ পৰে, যাৰ বাবে প্ৰশাসনে সেই স্থানৰ অভিযান সাময়িকভাৱে বন্ধ ৰাখে।

স্থানীয় ৰাইজৰ অনুৰোধত প্ৰশাসনে বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ সিদ্ধান্ত লয়। জিলা আয়ুক্তই জনায় যে পৰৱৰ্তী সময়ত সংশ্লিষ্ট মাজাৰ আৰু কবৰস্থান পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি আইনগতভাৱে সিদ্ধান্ত লোৱা হ’ব।

আনহাতে, উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালসমূহৰ বাবেও প্ৰশাসনে মানৱীয় পদক্ষেপ লৈছে। উচ্ছেদিত ভূমিহীন পৰিয়ালক অস্থায়ীভাৱে সংস্থাপন দিবলৈ চিৰাখোৱা আৰু বয়জেৰ আলগাত মাটি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি উচ্ছেদিত পৰিয়ালৰ সংখ্যা ৬৫০ ৰ পৰা ৮০০ হ’ব পাৰে, যদিও চূড়ান্ত সংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই।

মুঠতে, আলমগঞ্জৰ এই উচ্ছেদ অভিযানে ধুবুৰী জিলাত ভূমি বেদখলমুক্ত আৰু ঔদ্যোগিকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এতিয়া সকলোৰে দৃষ্টি উদ্ধাৰ হোৱা ভূমিত নিৰ্মাণ হ’বলগীয়া ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আৰু উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ ওপৰত কেন্দ্ৰীভূত হৈছে।

Leave A Reply

Your email address will not be published.

Translate »