Your Mic Your Voice

নলবাৰী হৰিমন্দিৰত জীৱন্ত ৰাস-ভাওনাৰ ৰঙীন আৰম্ভণি, প্ৰজ্ঞাৰ উদ্যোগত কৰ্মশালা মুকলি নলবাৰী হৰিমন্দিৰত জীৱন্ত ৰাস-ভাওনাৰ ৰঙীন আৰম্ভণি, প্ৰজ্ঞাৰ উদ্যোগত কৰ্মশালা মুকলি

0

ৰাসৰ নগৰী নলবাৰীত আৰম্ভ হ’ল উৎসৱৰ প্ৰস্তুতি! প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সহযোগত শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ আকৰ্ষণীয় আয়োজন – জীৱন্ত ৰাস আৰু ভাওনাৰ বিশেষ কৰ্মশালা আজিৰে পৰা আৰম্ভ।

unimex

হৰিমন্দিৰ চৌহদত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকাৰে কৰ্মশালা মুকলি কৰি কয় – “নলবাৰীৰ এই জীৱন্ত ৰাস এতিয়া ৰাষ্ট্ৰীয় মঞ্চলৈ যাব লাগে।”

এইবাৰ চতুৰ্থ বছৰত ভৰি দিলে নলবাৰীৰ স্থানীয় শিল্পীৰ জীৱন্ত ৰাস-ভাওনা। গুৰুজনাৰ অংকীয়া সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লক্ষ্যৰে এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »