সীমা পুনৰ নিৰ্ধাৰণক লৈ বিশেষ সংসদীয় অধিবেশনৰ বিষয়ে বিৰোধীক জনোৱা হোৱা নাই: প্ৰিয়ংকা গান্ধী
ৱায়ানাডত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শুক্ৰবাৰে কয় যে, প্ৰস্তাৱিত সীমা পুনৰ নিৰ্ধাৰণ (Delimitation) বিধেয়ক গৃহীত কৰিবলৈ সংসদৰ বিশেষ অধিবেশন আহ্বান কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো পদক্ষেপৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰা হোৱা নাই।
নিজ সমষ্টিত চাৰিদিনীয়া ভ্ৰমণত থকা প্ৰিয়ংকাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়-
“তেওঁলোকে আমাক একো জনোৱা নাই। যদি তেওঁলোকে পৰিকল্পনা কৰি আছে, মই নাজানো। এতিয়ালৈকে মোৰ ওচৰত কোনো তথ্য নাই।”

উল্লেখ্য, মহিলা সংৰক্ষণৰ সৈতে জড়িত সীমা পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ চৰকাৰে বিশেষ অধিবেশন আহ্বান কৰিব পাৰে বুলি চৰ্চা চলি আছে। কিন্তু এতিয়ালৈকে চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তাৰিখ ঘোষণা কৰা নাই।
ইফালে বিৰোধিতা কৰা লোকক নীৰৱ কৰি দিয়া হৈছে বুলিও অভিযোগ কৰে প্ৰিয়ংকা গান্ধীয়ে।