Your Mic Your Voice

Delimitation Bill পাছ কৰিবলৈ চৰকাৰে মাতিছে Special Session! কংগ্ৰেছৰ কটাক্ষ – “এয়া কেৱল Bluff আৰু Bluster”

0

দিল্লীত আকৌ Delimitation ক লৈ তীব্ৰ ৰাজনীতি!

কেন্দ্ৰীয় চৰকাৰে Delimitation Bill, 2026 পাছ কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন মাতিবলৈ চিন্তা কৰিছে। এই বিলটো মহিলা সংৰক্ষণ আইন, 2023 কাৰ্যকৰী কৰাৰ সৈতে জড়িত।

চৰকাৰী সূত্ৰৰ মতে, চৰকাৰৰ হাতত প্ৰয়োজনতকৈ ১৫-১৬ টা বেছি ভোট আছে বুলি দাবী কৰা হৈছে। কিন্তু অধিৱেশন কেতিয়া হ’ব, কিমান দিন চলিব – এতিয়াও ঘোষণা হোৱা নাই।

বিলত কি আছে?

১.লোকসভাৰ আসন ৫৪৩ ৰ পৰা বঢ়াই সৰ্বাধিক ৮৫০ লৈ কৰাৰ প্ৰস্তাৱ
২.সংসদ আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী কৰা
৩.এই বিল পাছ কৰিবলৈ লাগিব ৩৬১ টা ভোট – অৰ্থাৎ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা

কংগ্ৰেছৰ আক্ৰমণ:

unimex

কংগ্ৰেছৰ জয়ৰাম ৰমেশে গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ আক্ৰমণ কৰি কয় –

“শ্বাহে আকৌ Delimitation Plantation আৰম্ভ কৰিছে। তেওঁ ৩ দিনীয়া বিশেষ অধিৱেশন মাতি ১৫-১৮ ভোটত বিল পাছ কৰাৰ কথা কৈছে। ৭ মাহ আগতো একে কথা কৈছিল, কিন্তু ১৭ এপ্ৰিলত লোকসভাত ৫০ টাতকৈ বেছি ভোটত হাৰিছিল। তেওঁ Bluff আৰু Bluster ৰ মাষ্টাৰ। তেওঁৰ বুলড’জাৰ তেতিয়াও চলা নাছিল, এতিয়াও নচলিব।”

কিয় এতিয়াই Special Session পাৰিব?

১৩ আগষ্টত স্থগিত হোৱা বাৰিষা অধিৱেশন এতিয়াও আনুষ্ঠানিকভাৱে শেষ কৰা হোৱা নাই। ৯১ দিন ধৰি স্থগিত হৈ আছে – যিটো ২০০৮ চনৰ ৮৭ দিনৰ ৰেকৰ্ড ভাঙিছে। সেয়ে চৰকাৰে মাত্ৰ ২ দিনৰ জাননীতে সংসদ মাতিব পাৰে।

আগতে কি হৈছিল?

১৭ এপ্ৰিলত বাজেট অধিৱেশনৰ বিশেষ বৈঠকত একে ধৰণৰ বিলখনেই লোকসভাত পাছ হ’বলৈ ব্যৰ্থ হৈছিল।

Leave A Reply

Your email address will not be published.

Translate »