Your Mic Your Voice

চাপৰত ট্ৰাকৰ গৰাকীক ৰামঠগন! দালালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

0

বঙাইগাঁৱৰ এজন দালালৰ বিৰুদ্ধে গুৰুতৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত দালালজনৰ নাম বিকি মহন্ত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, চাপৰৰ কাজিপাৰা অঞ্চলৰ বাসিন্দা আব্দুল হামিদৰ ১২ চকীয়া ট্ৰাকখন যোৱা বুধবাৰে পুৱা ভাড়াত লৈছিল বিকি মহন্তই। অভিযোগ অনুসৰি, দিনটোৰ পৰা নিশালৈকে ট্ৰাকখন বঙাইগাঁৱত ৰখাই ৰখাৰ পিছত মাত্ৰ ২৫ শতাংশ সামগ্ৰী লোড কৰি পুনৰ আনলোড কৰি ট্ৰাকখন খালী হাতে ঘূৰাই পঠিয়াই দিয়ে।

unimex

ইমানতে শেষ নহয়। ট্ৰাকৰ গৰাকীয়ে অভিযোগ কৰা মতে, দালালজনে তেওঁৰ পৰা ৫০০ টকা আৰু পুনৰ ১০০ টকা ধনো আদায় কৰে।

এই ঘটনাৰ পিছত সমগ্ৰ চাপৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন কষ্ট কৰি চলা ট্ৰাক মালিকক এনেদৰে হাৰাশাস্তি কৰা কাৰ্যক কোনেও মানি লোৱা নাই।

এতিয়া সকলোৰে চকু আৰক্ষী প্ৰশাসনৰ ওপৰত। অভিযুক্ত বিকি মহন্তৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয়, সেয়া সময়তহে স্পষ্ট হ’ব।

Leave A Reply

Your email address will not be published.

Translate »