বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু
বিটিচিৰ উপাধ্যক্ষ তথা ২৬নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ বিটিচিতে চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে সন্ধিয়া তামুলপুৰ জিলাৰ দক্ষিণ কুমাৰীকাটাস্থিত নিজা বাসগৃহত ৰাজনীতিবিদগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিকভাৱে নাৰ্জাৰীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে যদিও তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে তামুলপুৰ আৰক্ষীৰ এটা শীৰ্ষ বিষয়াৰ দল নাৰ্জাৰীৰ বাসগৃহত উপস্থিত হয়। যিটো কোঠাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই কোঠাটো আৰক্ষীয়ে নিজৰ নিয়ন্ত্ৰণলৈ লৈ বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে মৃত্যুৰ পূৰ্বে তেওঁৰ গতিবিধি আৰু যোগাযোগৰ বিষয়েও তদন্ত চলাই থকা হৈছে। বৃহস্পতিবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ সন্দৰ্ভত অধিক স্পষ্ট তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
বিজিৎ গৌৰা নাৰ্জাৰী বিটিচিৰ ৰাজনীতিত এগৰাকী পৰিচিত আৰু প্ৰভাৱশালী নেতা আছিল। ২৬নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা তেওঁ চাৰিবাৰকৈ এমচিএলএ হিচাপে নিৰ্বাচিত হৈছিল। ২০১০ চনৰ উপ-নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিপিএফৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰাৰ পাছত ক্ৰমাগতভাৱে তিনিবাৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈছিল। ২০২৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে এমচিএলএ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত তেওঁ বিটিচিৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰে।
স্থানীয় সূত্ৰৰ মতে, নাৰ্জাৰী বিগত কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল। ইয়াৰ উপৰি তেওঁ মানসিক চাপৰ মাজেৰে সময় অতিবাহিত কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে পৰিয়াল, আৰক্ষী অথবা প্ৰশাসনৰ ফালৰ পৰা তেওঁৰ মৃত্যুৰ সৈতে মানসিক চাপ বা অসুস্থতাৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। সেয়েহে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে মৃত্যুৰ কাৰণ সন্দৰ্ভত বিভিন্ন অনুমানৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহ’ব।

জানিব পৰা মতে, প্ৰায় এসপ্তাহ বৰমাস্থিত বাসগৃহত থকাৰ পাছত মৃত্যুৰ প্ৰায় তিনিদিন পূৰ্বে নাৰ্জাৰী কুমাৰীকাটাৰ নিজা বাসগৃহলৈ আহিছিল। বুধবাৰে সন্ধিয়াৰ ভাগত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কুমাৰীকাটাৰ বাসগৃহত অসংখ্য গুণমুগ্ধ, শুভাকাংক্ষী আৰু বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত হয়। প্ৰিয় নেতাগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে এক গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নাৰ্জাৰীৰ সৈতে প্ৰায় ৩৫-৪০ বছৰৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি দৈমাৰীয়ে কয় যে মৃত্যুৰ পূৰ্বে তেওঁ নাৰ্জাৰীৰ আচৰণ বা কথাবতৰাত এনে কোনো ইংগিত দেখা নাছিল। আনকি মৃত্যুৰ আগদিনাও দুয়োৰে মাজত টেলিফোনযোগে কথা-বতৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নাৰ্জাৰীৰ মনত কি চলি আছিল আৰু কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল, সেয়া তেওঁলোকৰ বাবে এতিয়াও অজ্ঞাত হৈ আছে বুলি দৈমাৰীয়ে মন্তব্য কৰে।
ইফালে নাৰ্জাৰীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত বিজিৎ গৌৰা নাৰ্জাৰীয়ে পত্নী, এগৰাকী কন্যা সন্তান, ভাই-ভনী, আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। ইফালে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণক লৈ এতিয়াও ৰহস্য অব্যাহত আছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতহে ঘটনাটোৰ প্ৰকৃত সত্য স্পষ্ট হ’ব।