Your Mic Your Voice

উজনিৰ ভয়াৱহ বান সম্পৰ্কত উচ্চ ন্যায়ালয়ত দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজনিত আবেদন

0

উজনি অসমৰ শেহতীয়া ভয়াৱহ বান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উক্ত আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিছে আৰু অহা ৩ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

unimex

আবেদনখনত দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূৰ্ব বানপানী প্ৰকৃততে কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ দিখৌ নদী আৰু ইয়াৰ উপনৈসমূহত চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা অবাধ অবৈধ খনন আৰু চৰকাৰী চূড়ান্ত গাফিলতিৰ ফলশ্ৰুতি। দীৰ্ঘদিন ধৰি এই বিষয়ে সকীয়াই থকাৰ পাছতো চৰকাৰে খনি মাফিয়াক সুৰক্ষা প্ৰদান কৰি সাধাৰণ ৰাইজক এক ভয়ংকৰ দুৰ্যোগৰ মাজলৈ ঠেলি দিলে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ৰাইজৰ ন্যায় আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত শইকীয়াই আদালতৰ মজিয়াত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে। তেওঁ দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ অবৈধ খনন তৎকালীনভাৱে আৰু স্থায়ীভাৱে বন্ধ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি অতি শীঘ্ৰে এক ‘মাইনিং টাস্ক ফ’ৰ্চ বেটেলিয়ন’ গঠন কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও সমগ্ৰ ঘটনাৰ সত্যাসত্য উদঘাটনৰ বাবে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰা, বান্ধৰ পানী এৰা সন্দৰ্ভত এক স্পষ্ট বৈজ্ঞানিক নীতি বা প্ৰট’কল প্ৰস্তুত কৰা আৰু এই মানৱ-সৃষ্ট দুৰ্যোগৰ বাবে দায়ী চৰকাৰী বিষয়া তথা দোষী ব্যক্তিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰো তেওঁ দাবী উত্থাপন কৰে। একেদৰে বানাক্ৰান্তসকলক নামমাত্ৰ সাহায্য দি দায়িত্ব সামৰাৰ পৰিৱৰ্তে হিমাচল প্ৰদেশৰ আৰ্হিত প্ৰতিটো সৰ্বস্বান্ত পৰিয়ালক ন্যূনতম ১০ লাখ টকাকৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বিষয়টো আবেদনখনত সন্নিৱিষ্ট কৰা হয়। আবাদেনখন শুনানিৰ বাবে গ্ৰহণ কৰাৰ পিছতে দেৱব্ৰত শইকীয়াই স্পষ্ট কৰি দিয়ে যে ৰাইজৰ জীৱন-সম্পত্তি ৰক্ষা আৰু অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই ন্যায়ৰ যুঁজখন অবিৰতভাৱে চলি থাকিব।

Leave A Reply

Your email address will not be published.

Translate »