Your Mic Your Voice

নেপালত জলপ্ৰলয়ৰ সংহাৰ, সন্ধানহীন শতাধিক,মৃতকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি

0

নেপালত অহা প্ৰলয়ংকাৰী বানৰ কবলত বিধস্ত হৈছে বিস্তীৰ্ণ অঞ্চল। বুধবাৰে অহা প্ৰলয়ংকাৰী বানে দেশখনৰ বিস্তৰ ক্ষতিসাধন কৰে। তিব্বত সীমান্তৰ সমীপৱৰ্তী মধ্য নেপালৰ জিলাসমূহত হঠাতে অহা বানৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ১৬৫ জনতকৈয়ো অধিক লোকে।

প্ৰাপ্ত তথ্য অনুসৰি হিমবাহ বিস্ফোৰণ হৈ এই ভয়ংকৰ বান- ভূমিস্খলনৰ ঘটনাই দেশখনত কালৰূপ ধাৰণ কৰিছিল। তিব্বত সীমান্তৰ সমীপৱৰ্তী ৰসুৱা আদি জিলাকে ধৰি বিভিন্ন অঞ্চলসমূহত তাণ্ডৱৰ সৃষ্টি কৰিছিল বানে।

ইতিমধ্যে এই প্ৰলয়ৰ ফলত প্ৰাণ হেৰুৱাইছে প্ৰায় ১৬৫ জন লোকে। লগতে ৭৫০ জনৰো অধিক লোক সন্ধানহীন হৈছে । সন্ধানহীন হোৱা লোকসকলক ভিতৰত ১৩৩ জন ভাৰতীয় লোকো আছে। আমেৰিকা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, কানাডাকে ধৰি বিভিন্ন দেশৰ পৰ্যটক আৰু তীৰ্থযাত্ৰীও এই দুৰ্যোগত আৱদ্ধ বা সন্ধানহীন হৈছে।

unimex

বৰ্তমান সময়তো সন্ধানহীন লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। দুৰ্যোগৰ পাছতেই নেপাল সেনা, Armed Police Force আৰু নেপাল আৰক্ষীয়ে বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। হেলিকপ্টাৰৰ সহায়ত দুৰ্গম অঞ্চলৰ পৰা লোকক উদ্ধাৰ কৰাৰ লগতে খাদ্য, পানী আৰু চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানত ৫,০০০ৰো অধিক লোক জড়িত হৈছে। পাহাৰীয়া অঞ্চলৰ দুৰ্গম ভূ-প্ৰকৃতি, বোকা আৰু ধ্বংসাৱশেষৰ বাবে অভিযান অত্যন্ত কঠিন হৈ পৰিছে।

নেপালৰ ভয়ংকৰ দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে সাহায্য প্ৰেৰণ কৰিছে। জৰুৰীকালীন চিকিৎসা সামগ্ৰী, তম্বু আৰু খাদ্যকে ধৰি সাহায্য সামগ্ৰী বিমানযোগে নেপাললৈ প্ৰেৰণ কৰা হৈছে। ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু উদ্ধাৰৰ বিষয়তো নেপাল চৰকাৰৰ সৈতে ভাৰতীয় কৰ্তৃপক্ষই যোগাযোগ অব্যাহত ৰাখিছে। বহু অঞ্চল এতিয়াও বোকা, শিল আৰু ধ্বংসাৱশেষৰ তলত পোত গৈ আছে। বহু লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই।

নেপাল আৰু তিব্বত মিলাই সন্ধানহীন হোৱা লোকৰ সংখ্যা দেৰ হাজাৰৰ ওচৰ চাপিছে। নেপালত ৮২৬ জন আৰু তিব্বতৰ Gyirong County-ত ৫৫৮ জন সন্ধানহীন বুলি ৰয়টাৰে প্ৰকাশ কৰিছে। তিব্বতত সন্ধানহীনসকলৰ ভিতৰত বিদেশী নাগৰিকো আছে। দুৰ্যোগৰ পাছতো বিপদ সম্পূৰ্ণৰূপে আঁতৰা নাই। নদীৰ গতিপথত জমা হোৱা বৰফ, শিল আৰু বোকাৰ ফলত পুনৰ পানী জমা হৈ হঠাৎ বান অহাৰ আশংকা আছে। সেয়েহে নেপাল আৰু তিব্বত সীমান্তৰ নামনি অঞ্চলত সতৰ্কতা অব্যাহত ৰখা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »