• Home  
  • উজনি অসমত বান পীড়িতৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; পৰ্যাপ্ত সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস
- অসম

উজনি অসমত বান পীড়িতৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; পৰ্যাপ্ত সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস

উজনি অসমত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ । বুধবাৰে উজনি অসমৰ এই বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰাইদেউ জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । জিলাখনত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ বুজ লয় । শিৱসাগৰৰ লগতে চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰো বুধবাৰে বুজ […]

উজনি অসমত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ । বুধবাৰে উজনি অসমৰ এই বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰাইদেউ জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । জিলাখনত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ বুজ লয় । শিৱসাগৰৰ লগতে চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰো বুধবাৰে বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

22 জুলাইৰ পুৱাই চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাইদেউ জিলাৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সকলো ধৰণৰ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বান পীড়িতক ৷ তেওঁ বানত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

বান পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । বহু লোক আশ্ৰয় শিবিৰলৈ আহিছে, বহু লোক বানত আবদ্ধ হৈ আছে । বহু লোকৰ মৃত্যু হৈছে, মৃতদেহ ওলায়েই আছে । NDRF, SDRF, সেনা, চৰকাৰ সকলোৱে একেলগে কাম কৰি আছে ।’’

সাহায্য পুঁজি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে দিয়ে । বান সাহায্য আৰু উদ্ধাৰৰ বাবে ১০০ শতাংশ ধন কেন্দ্ৰই দিয়ে । কেন্দ্ৰই এটা নিৰ্ধাৰিত পুঁজি আমাক আগতীয়াকৈ দি থৈ দিয়ে । প্ৰয়োজনত আমি কেন্দ্ৰক অতিৰিক্ত পুঁজি বিচাৰিব পাৰোঁ । প্ৰয়োজন হ’লে প্ৰধানমন্ত্ৰীক কৈ পুঁজি আনিব পাৰিম । আমি জানো যে বহু ঠাইত মানুহ আবদ্ধ হৈ আছে। কিন্তু বহু ঠাইলৈ যোৱাৰ কোনো উপায় নাই ।’’

ইফালে জিলা তিনিখনৰ বানৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । তিনিখন জিলাৰ নিৰ্দিষ্ট বান প্ৰভাৱিত এলেকাত যদি কোনো ম’বাইল অপাৰেটৰৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হয়, তেন্তে গ্ৰাহকে আন উপলব্ধ অপাৰেটৰৰ নেটৱৰ্ক ব্যৱহাৰ কৰি নিৰৱচ্ছিন্নভাৱে ম’বাইল সেৱা লাভ কৰিব পাৰিব বুলি সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৷

এই পদক্ষেপে জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহাৰ্য আৰু আশ্ৰয় প্ৰদান কাৰ্য অধিক ফলপ্ৰসূ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.