অসমত জটিল হৈ পৰিছে বান পৰিস্থিতি ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মঙলবাৰৰ মাজনিশা জাৰি কৰা প্ৰতিবেদন অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে ২১ জনলৈ ৷ শিৱসাগৰ জিলাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চৰাইদেউত মৃত্যু হৈছে ৫ জনৰ, গোলাঘাটত আৰু যোৰহাটত মৃত্যু হৈছে ক্ৰমে ২ জন লোকৰ । ইয়াৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩১ জনলৈ ৷ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা জাননী অনুসৰি বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং আৰু ধনশিৰি নৈ । বৰ্তমানেও জলমগ্ন হৈ আছে ২৪,২১০.৩৫ হেক্টৰ শস্য ভূমি ।
বানত ক্ষতিগ্ৰস্ত ১৬ খন জিলা
চলিত বানত গোলাঘাট, কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ , কামৰূপ (ম), যোৰহাট , তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰকে ধৰি ১৬ খন জিলাৰ ৪৪ টা ৰাজহ চক্ৰৰ ৫.৬৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । ২৪,২১০.৩৫ হেক্টৰ কৃষিভূমি ডুব গৈছে আৰু ৪৪টা ৰাজহ চক্ৰৰ ৮৭২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।
প্ৰতিবেদন অনুসৰি শিৱসাগৰত ৩,৫৯,৫৩৫ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক আক্ৰান্ত হৈছে । বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ২৭৩টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত ১.১৪ লাখৰো অধিক লোকে আশ্ৰয় লৈছে । চৰকাৰী প্ৰতিবেদন অনুসৰি বানৰ ফলতত প্ৰভাৱিত হোৱা মুঠ জনসংখ্যা ৫,৬৪,৬৬০ জন । ইয়াৰে ভিতৰত পুৰুষ ২,৩০,৯০১ আৰু মহিলা ২,৪১,৯৫২ । শিশুৰ সংখ্যা ৯১,৮০৭ ।
১,৮৫,০২৯ টা পশুধন প্ৰভাৱিত বানত
এই বানে জীৱকুলৰো প্ৰাণ কাঢ়িছে । বানৰ ফলত প্ৰভাৱিত হৈছে ১,৮৫,০২৯ টা পশুধন আৰু পানীত ১০৭ টা পশুধন উটি গৈছে । লগতে এই বানত ৩৩ টা পথ, এখন দলঙৰ লগতে ৬ টাকৈ মথাউৰি ভাঙিছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰিছে ।
ইফালে ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা, এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈছে ।

